![]()
আজি জনতা ভৱন সভাকক্ষত (Janata Bhavan meeting room) মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (Dr. Himanta Biswa Sarma) গুৱাহাটীত মুকলি কৰিলে জিঅ’ ট্ৰু ৫জি সেৱা (Jio True 5G service launched in Guwahati)। কিছুদিন পূৰ্বে গুৱাহাটীত এয়াৰটেলৰ ৫ জি সেৱা আৰম্ভ হোৱাৰ পিছত জিঅ’ য়ে এই সেৱা আৰম্ভ কৰিছে।

সেই উপলক্ষে, মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ ভাষণ প্ৰসংগত জানিবলৈ দিয়ে যে অনাগত দিনত শীঘ্ৰে শিলচৰৰ লগতে অসমৰ মূল চহৰসমূহতো জিঅ’য়ে নিজ ৫জি সেৱা আৰম্ভ কৰিব। লগতে, অসমত জিঅ’য়ে ৯৫০০ কোটি টকা বিনিয়োগ কৰিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
স্বাস্থ্য, কৃষি, অন্যান্য ক্ষেত্ৰৰ উপৰিও বাহিৰৰ চিকিৎসৰ সৈতে যোগাযোগ তথা দূৰৱৰ্তী অঞ্চলক স্বাস্থ্যখণ্ডৰ সৈতে সংলগ্ন কৰাত এই সেৱা সহায়ক হ’ব বুলি প্ৰকাশ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।সমান্তৰালকৈ, শীঘ্ৰে আন আন জিলাসমূহতো Jio True 5G উপলব্ধ কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
Jio True 5G সেৱা কামাখ্যাত উপলব্ধ কৰি দিয়াৰ বাবে মুকেশ আম্বানীক ধন্যবাদ জনাই বানপানীৰ পৰা ক’ভিড সংকটৰ সময়লৈকে অসমলৈ ৰিলায়েন্স পৰিয়ালে অসম চৰকাৰক যথেষ্ট সহায় আগবঢ়াইছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।













