![]()
আজি অসম চৰকাৰে (Assam Government) গুৱাহাটীত গ্ৰহণ কৰিছে বিকাশৰ (Development undertaken in Guwahati) বাবে এটা দিন কাৰ্যসূচী। ইয়াৰ অধীনত গুৱাহাটীত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা আৰু ভূমি পূজন কৰে মুখ্যমন্ত্ৰীয়ে (Chief Minister holds foundation stone and bhoomi pujan)। ১৭৩৩ কোটি টকাৰ ব্যয় সাপেক্ষ এই প্ৰকল্পসমূহৰ তিনি বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

উক্ত প্ৰকল্পসমূহৰ ভিতৰত আছে খাৰঘূলিত নতুন ৰাজভৱন নিৰ্মাণ, পাণবজাৰত আৰক্ষী ছাউনি, কলাক্ষেত্ৰত ৮০০ আসন বিশিষ্ট প্ৰেক্ষাগৃহ, খানাপাৰাত ৫০০০ আসন বিশিষ্ট আন্তৰ্জাতিক মানদণ্ডৰ প্ৰেক্ষাগৃহ, ৰূপনগৰত কামৰূপ মহানগৰ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয় আৰু বেতকুছিত সমন্বিত সঞ্চালকালয়।
এই উপলক্ষে খানাপাৰাত নতুন আৰক্ষী আয়ুক্ত ভৱনৰ বাবে আজি আয়োজিত ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ২৪ মাহৰ ভিতৰত আনুমানিক ৯৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই কাৰ্যালয়ে গুৱাহাটী আৰক্ষী আয়ুক্তৰ অধীনৰ সকলো বিভাগ আৰু শাখাৰ কাম-কাজ অধিক ক্ষিপ্ৰ কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
লগতে উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ চহৰ গুৱাহাটীত মহানগৰ আৰক্ষী বিভাগক অধিক দক্ষতাৰে আইন-শৃংখলা নিয়ন্ত্ৰণকে ধৰি বিভাগীয় কামসমূহ সম্পাদন কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।আনহাতে, খানাপাৰাত আন্তৰ্জাতিক মানৰ এটি প্ৰেক্ষাগৃহ নিৰ্মাণ প্ৰকল্পত ৫,০০০ আসনযুক্ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰীয়ে।
১৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই প্ৰেক্ষাগৃহৰ কাম ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।একেদৰে “বিকাশৰ বাবে এদিন” কাৰ্যসূচীৰ অংশ হিচাপে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। ৮০০ আসনযুক্ত অত্যাধুনিক এই প্ৰেক্ষাগৃহটো ৪৪.২৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব।
ইফালে ৰূপনগৰত কামৰূপৰ (মহানগৰ) সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবে আয়োজিত ভূমি পূজনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। আনুমানিক ৫৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই ভৱনত উপায়ুক্ত কাৰ্যালয়ৰ অধীনৰ সকলো চৰকাৰী বিভাগ থাকিব।













