![]()
ASSAM TIMES POST
নগাঁওঃ সংসদৰ আগন্তুক শীতকালিন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ব বুলি প্ৰচাৰিত বাতৰিক লৈ কৃষক মুক্তি সংগ্রাম সমিতিৰ নগাঁও সদৰ আঞ্চলিক সমিতিৰ অধিবেশনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়। উল্লেখ্য, নগাঁও আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিবেশনখন আজি দিনযোৰা কাৰ্যসুচীৰে দক্ষিণ হয়বৰগাঁও নাট্য সমিতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।এই উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে আঞ্চলিক সমিতিৰ সভাপতি মুচফিকুৰ ৰহমানে।
শ্বহীদ তৰ্পণ কৰে আঞ্চলিক সমিতিৰ সম্পাদক সঞ্জয় সূত্ৰধৰে । দিনৰ ১২ বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হয়। প্ৰতিনিধি সভাত আগন্তুক দুবছৰৰ বাবে মুচফিকুৰ ৰহমানক সভাপতি , সঞ্জয় সূত্ৰধৰক সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া আঞ্চলিক সমিতিখন গঠন কৰা হয়। বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নীলমনি শইকীয়া, নগাঁও জিলাৰ সভাপতি ইফটিকাৰ ৰহমান, কামপুৰ আঞ্চলিকৰ সভাপতি হোমেশ্বৰ পাঠক, সম্পাদক স্বপন হাজৰিকা।
সভাত সভাপতি ৰাজু বৰাই বৰ্তমানৰ বি জে পি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ স্বত্বেও নাগৰিকত্ব সংশোধনী বিধেয়ক আনি ৰাজ্যখনক সংকটৰ মাজলৈ ঠেলি দিব বিচাৰিছে । চৰকাৰৰ এনে সিদ্ধান্ত মানি লোৱা নহ’ব । কৃষক নেতাজনে বিধেয়কখন আনিব খোজা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে এনে কাৰ্যৰ বাবে চৰকাৰক সতৰ্ক কৰি দিয়ে।











