
ভাৰতীয় মহাকাব্য ৰামায়ণ (Ramayana) আৰু মহাভাৰত পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে। এইবাৰ প্রথমবাৰৰ বাবে বিষ্ণুপ্রিয়া মণিপুৰী ভাষা (Bishnupriya Manipuri language)লৈ অনুবাদ (Translation) হ’ল ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ (Akshay Ramayana)। ইয়াৰ অনুবাদক হৈছে অনিল সিং গৌতম (Anil Singh Gautam)। গ্ৰন্থখনৰ প্রকাশক হৈছে অনন্ত সিং। আজি ডিফুত এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ডিফু চিকিৎসা মহাবিদ্যালয়ৰ সমীপৱৰ্তী এখন ব্যক্তিগত বিদ্যালয়ত আয়োজিত গ্রন্থখনৰ উন্মোচনী সভাত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্যা তিলোত্তমা হান্সুৱে গ্ৰন্থখন উন্মোচন কৰে। শিক্ষাবিদ ভৱানন্দ সিনহাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে অনুবাদক অনিল সিং গৌতমে নিজৰ বক্তব্য ৰাখে।
তেওঁ কয় যে ২০২১ চনত কোভিড মহামাৰীৰ সময়ত তেৱোঁ কৰোনাত আক্রান্ত হৈছিল আৰু সেই সময়ত সপোনত দেখিছিল তেওঁ ৰামায়ণখন অনুবাদ কৰিছে। ইয়াক এক ঐশ্বৰিক শক্তি বুলি ধৰি লৈ ৰামায়ণ অনুবাদৰ কামত ধৰে। প্রথমে কৃত্তিবাসী ৰামায়ণৰ পৰা অনুবাদ আৰম্ভ কৰিলেও পিছত তুলসীদাস আৰু বাল্মিকী ৰামায়ণৰ সহায় লয়। তেওঁ কয় যে ৰামৰ কোনো ক্ষয় নাই। অক্ষয় মানে যাৰ ক্ষয় নাই আৰু সেয়ে ইয়াৰ নামকৰণ ‘অক্ষয় ৰামায়ণ’ কৰা হৈছে।

গ্ৰন্থখন উন্মোচন কৰি তিলোত্তমা হান্সুৱে কয় যে ৰামায়ণ-মহাভাৰত আমাৰ জনজাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। ভীম, অর্জুন, চিত্রাংগদা, হিড়িম্বা, ঘটোৎকচ, বব্রুবাহন, অনিৰুদ্ধ-ৰুক্মিনী এইসকল সকলোৱেই প্রমাণ কৰে যে ৰামায়ণ-মহাভাৰতৰ সৈতে ডিমাচা, মণিপুৰী আৰু উত্তৰ-পূর্বাঞ্চলৰ অন্যান্য জনজাতিৰ সেতুবন্ধন। সভাত উপস্থিত থকা স্বায়ত্তশাসিত পৰিষদৰ সদস্য জনি তিমুঙে নিজৰ সংক্ষিপ্ত ভাষণত কয় যে কার্বি সমাজ জীৱনত ৰামায়ণৰ গুৰুত্ব অপৰিসীম।
এই গ্রন্থ উন্মোচনী সভাত ডিফু শাখা সাহিত্য সভাৰ সভাপতি দেৱেন কাকতি, কার্বি লামমেত আমেই (কার্বি সাহিত্য সভা)ৰ উপ-সভাপতি খগেন ইংতি, লেখক-সাহিত্যিক-সাংবাদিক জয়সিং টকবী, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ উপাধ্যক্ষ সমৰজিৎ সিং আৰু নিখিল বিষ্ণুপ্রিয়া মণিপুৰী মহাসভাৰ সাধাৰণ সম্পাদক শ্যামল সিনহা আমন্ত্রিত অতিথি হিচাবে উপস্থিত থাকে আৰু বক্তব্য ৰাখে। উল্লেখ্য যে বিষ্ণুপ্রিয়া মণিপুৰী ভাষালৈ ৰামায়ণৰ অনুবাদক অনিল সিং গৌতমে বিএছএনএলৰ এজিএম পদৰ অৱসৰ গ্রহণ কৰাৰ পিছত বিভিন্ন সামাজিক কৰ্মত নিজকে জড়িত কৰি ৰাখিছে।













