![]()
বিৰোধীসকলে তেওঁক কটুভাৱে ‘পাপ্পু’ বুলি কʼবলৈ ভালপায়। বহু বিজেপি নেতায়ো তেওঁক ‘পাপ্পু’ বুলি ঠাট্টা কৰে। তেওঁ নিজেই জানে, সমালোচকে তেওঁক এই নামেৰে মাতে। বিৰোধীয়ে ‘পাপ্পু’ বুলি কোৱাত ৰাহুল গান্ধী (Rahul Gandhi) সুখীনে? এই বিষয়ে তেওঁ কি কʼলে?

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত ৰাহুলক সোধা হৈছিল, মানুহে আপোনাক পাপ্পু বুলি কʼলে বেয়া লাগে নেকি? ৰাহুলে তেতিয়া কয়, “একেবাৰে নহয়।” ইয়াৰ লগতে তেওঁ আৰু কয়, “এই নামটো তেওঁলোকৰ হৃদয়ত নিহিত হৈ আছে। তেওঁলোকৰ ভয় আছে। তেওঁলোক সুখী নহয়। সেয়ে এইবিলাক নামেৰে মাতে।” কিন্তু এই নামটোৱে তেওঁক একেবাৰেই আমনি কৰা নাই বুলি সাক্ষাৎকাৰত দাবী কৰে।
ৰাহুলৰ ভাষাত, “মোৰ নাম যি নামেই নাথাকক কিয়, মই আদৰি লম। মোৰ বৰ ভাল লাগে। অনুগ্ৰহ কৰি মোক আৰু নাম দিয়া!” মুম্বাইত ভাৰত জোড়ো যাত্ৰাৰ সময়ত কংগ্ৰেছ সাংসদজনৰ সাক্ষাৎকাৰত তেওঁক এই প্ৰশ্নটো সোধা হৈছিল।
যি নামেৰে তেওঁক কটুক্তিৰে মাতিছিল সেই নামটোৰ কথা কওঁতে ৰাহুলে আইতাক ইন্দিৰা গান্ধীৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যে ইন্দিৰাকো উপহাসেৰে ‘গুংগী গুৰিয়া’ বুলি কোৱা হৈছিল। কিন্তু সেই ‘গুংগী গুৰিয়া’ ভাৰতৰ ‘আইৰন লেডী’ হিচাপে পৰিচিত আছিল।
ৰাহুলৰ ভাষাত, “আইৰন লেডী নামেৰে পৰিচিত হোৱাৰ আগতে তেওঁক ‘গুংগী গুৰিয়া’ বুলি ঠাট্টা কৰা হৈছিল। যিসকলে মোক দিন ৰাতি আক্ৰমণ কৰি আছে, এসময়ত ইন্দিৰা গান্ধীকো ‘গুংগী গুৰিয়া’ বুলি কৈছিল। কিন্তু সেই ‘গুংগী গুৰিয়া’ পিছলৈ ভাৰতৰ ‘আইৰন লেডী’ হৈ পৰিল। তেওঁ সদায় ‘আইৰন লেডী’ হৈয়ে আছিল।”










