মণিপুৰৰ (Manipur) নোন (Nono) জিলাত ভয়াৱহ বাছ দুৰ্ঘটনা (Bus Accident)। বুধবাৰে পুৱা সংঘটিত হোৱা দুৰ্ঘটনাত স্কুল বাছ (School bus) এখন খাৱৈত বাগৰি পৰে। সংবাদ সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কমেও ১৫ গৰাকী (15) ছাত্ৰ-ছাত্ৰীকে (Students) ধৰি কেইবাজনো লোকৰ মৃত্যু (death) হৈছে।
প্ৰশাসনৰ সূত্ৰ অনুসৰি, এই দুৰ্ঘটনাত বহু ছাত্ৰ-ছাত্ৰী আহত (Many students injured) হয়। ইয়াৰে কিছুমানৰ অৱস্থা গুৰুতৰ। ফলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
প্ৰথম অৱস্থাত পাহাৰীয়া পথটোত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, থৌবাল জিলাৰ য়াৰিপকৰ ‘থাম্বলনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ʼৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা দুখন বাছ শৈক্ষিক ভ্ৰমণৰ বাবে খোপুমলৈ গৈ আছিল। সেই সময়ত বিষ্ণুপুৰ-খোপাম পথৰ লংছাই টুবং অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। ঠেক ৰাস্তাৰৰ পৰা তললৈ বাছখন বাগৰি পৰে। তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু স্থানীয় ৰাইজে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ কাম আৰম্ভ কৰে।