ASSAM TIMES POST
ডিফু : আজি গুৱাহাটীত ডিফু চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিক বাবে আনুষ্ঠানিক ভাবে কাৰিকৰী আৰু নাৰ্চ পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰা হয়৷ গুৱাহাটীৰ পিডব্লিউডি টেকনিকেল চেণ্টাৰত মাননীয় স্বাস্থ্য ও বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিকিৎসা মহাবিদ্যালয়ৰ বাবে প্ৰয়োজন হোৱা ৩০০ কাৰিকৰী আৰু নাৰ্চ পদৰ নিযুক্তি পত্ৰ বিতৰণ কৰে ৷
ইয়াৰোপৰি নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীৰ মাজতে অসম হিলছ মেডিকেল কলেজ আৰু গৱেষণা কেন্দ্ৰটোক ডিফু চিকিৎসা মহাবিদ্যালয় ৰূপে চৰকাৰী ভাবে নামাকৰণ কৰে ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, তিনি পাৰ্বত্য জিলাৰ ডিফু লোকসভা সমষ্ঠিৰ সাংসদ হৰেণছিং বে’ পৰিষদৰ স্বাস্থ্য বিভাগৰ ইএম খনছিং ৰংপি, অমৰছিং তিছ’, এমএচি মাধূৰ্য ঢেকিয়ীল ফুকন, ৰিচাৰ্ড টকবী, অসম চৰকাৰৰ বিত্ত বিভাগৰ আইএএছ পিছ সমীৰ কুমাৰ সিনহাকে প্ৰমূখ্য কৰি বিভিন্ন সম্মানীয় ব্যক্তি উপস্থিত থাকে ৷