যোৱা কিছু দিন আগৰ পৰাই অক্ষয় কুমাৰ আৰু কৰীণা কাপুৰৰ ছবি “গুড ন্যুজ” য়ে চৰ্চা লাভ কৰি আহিছিল। আজি অৰ্থাৎ ১৪ নৱেম্বৰ তাৰিখে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে। মাতৃ হ’ব ওলোৱা দুইগৰাকী নাৰীৰ মাজত অভিনেতা অক্ষয় কুমাৰ আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে।
https://www.instagram.com/p/B41R5pGn8bR/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B41XCWPnDGs/?utm_source=ig_web_copy_link
অভিনেতা অক্ষয় কুমাৰে চচিয়েল মিডিয়া যোগে এই পোষ্টাৰ খন আপলোড কৰে আৰু লগতে ছবিখনৰ মুক্তিৰ তাৰিখো দৰ্শকক জানিবলৈ দিয়ে। অহা ২৭ ডিচেম্বৰ তাৰিখে ছবিখনে মুক্তি লাভ কৰিব। ছবিখনত অক্ষয়, কৰীণা আৰু কিয়াৰাৰ বাহিৰে দিলজিৎ দোসাঞ্জেও মূখ্য চৰিত্ৰত অভিনয় কৰিছে।