![]()
ৰাজ্যত চলি আছে ‘বিকাশৰ বাবে এটা পষেক’ আঁচনিৰ অধীনত বিভিন্ন জিলাত উন্নয়নমূলক প্ৰকল্প ৰূপায়ণৰ কাম। ইয়াৰ অধীনত আজি বিশ্বনাথ জিলা (Biswanath District)ত বিভিন্ন প্ৰকল্প (project) ৰূপায়ণৰ উদ্দেশ্যে উপস্থিত হয় মুখ্যমন্ত্ৰী (Chief Minister)। বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰ (Kamalakanta Kshetra)ত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অংশস্বৰূপে আজি বিশ্বনাথ জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ১২টা উন্নয়নমূলক প্ৰকল্পৰ ডিজিটেল মাধ্যমৰ জৰিয়তে আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তর্গত সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়, আৱৰ্ত ভৱন, প্ৰস্তাৱিত জিলা ক্ৰীড়া প্ৰকল্প, পাভৈ (দিৰিঙ)ত নতুনকৈ প্ৰতিষ্ঠা হ’বলগা অসম আৰক্ষী বেটেলিয়ন কাৰ্যালয় প্ৰকল্প, বিশ্বনাথঘাটৰ পৰা পাণপুৰলৈ নিৰ্মাণ হ’ব লগা ৮ কিল’মিটাৰ দৈৰ্ঘ্য পথ তথা মথাউৰি আদিৰ উপৰি চতিয়া বিধানসভা সমষ্টিৰ দিকৰাই পাইকাৰী বজাৰৰ আধুনিকীকৰণ আৰু উন্নয়ন প্ৰকল্প, গহপুৰ বিধানসভা সমষ্টি ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পহুকটা সংযোগী ৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথ আৰু আমদৈগুৰি সংযোগী ৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথ, সোলেঙী নদীৰ বাঁওপাৰৰ খহনীয়া প্ৰতিৰোধ আৰু অন্যান্য ক্ষতিগ্ৰস্ত অঞ্চলৰ পুনৰ নিৰ্মাণ কাম আদি বহুকেইটা প্রকল্পৰ আধাৰশিলা স্থাপন কৰা হয়।

তদুপৰি, বিশ্বনাথ জিলাৰ অন্তর্গত মুঠ ২৪ হাজাৰ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ব। ২৫০ টকাকৈ বৃদ্ধ পেঞ্চন লাভ কৰি থকা আইমাতৃসকলক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰি ১২৫০ টকাকৈ প্ৰদানৰ কথাও চিন্তা-চৰ্চা কৰি থকা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
উক্ত অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ পল্লৱলোচন দাস, বিধায়কসকল ৰঞ্জিত দত্ত, পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, গণেশ লিম্বু, কৃষ্ণকমল তাঁতীকে ধৰি চৰকাৰী বিষয়া-কৰ্মচাৰী প্ৰমুখ্যে বহু গণ্য-মান্য লোক উপস্থিত থাকে।













