আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি আজি নগাঁও চহৰৰ আমোলাপট্টি অঞ্চল স্হিত দিব্যাংগৰ মানসিক আৰু শাৰীৰিক দিশৰ উৎকৰ্ষ সাধনৰ প্ৰশিক্ষণ কেন্দ্ৰ ‘স্নেহ-তীৰ্থ’ৰ উদ্যোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।
আমোলাপট্টিৰ পূৰ্ণ বৰা আৰু ভাৰতী বৰা স্মৃতি ন্যাসত স্নেহ-তীৰ্থৰ সম্পাদক ডা: অঞ্জন শইকীয়াই আঁত ধৰা অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰকুমাৰ বৰুৱাই অংশগ্ৰহণ কৰি দিব্যাংগ সকল আমাৰ সমাজৰ অভিন্ন অংগ বুলি উল্লেখ কৰি লগতে কয় যে সকলো মানুহে কেতবোৰ বিশেষ প্ৰতিভা লৈ জন্ম গ্ৰহণ কৰে।
এই প্ৰতিভাক বিচাৰি উলিয়াই সঠিকভাৱে প্ৰকাশ কৰিব পৰাটোহে আচল কথা। একেদৰে দিব্যাংগ সকলৰ মাজতো বহু প্ৰতিভা নিহিত হৈ থকা বুলি উল্লেখ কৰি বৰুৱাই লগতে কয় যে দিব্যাংগ সকলক গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ মাজত সোমাই থকা প্ৰতিভাৰ বিকাশ সাধনত আমি সকলোৱে মনোনিবেশ কৰা উচিত।
এই ক্ষেত্ৰত স্নেহ-তীৰ্থৰ প্ৰচেষ্টাৰ তেওঁ শলাগ লয় । আনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰত্নমালা শইকীয়া , ডা: ৰুবুল গোস্বামী, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড: স্বপ্না নেওগ, সাংবাদিক জিতেন বৰকটকী প্ৰমুখ্যে ব্যক্তি সকলে অনুষ্ঠানত অংশগ্ৰহণ কৰি দিব্যাংগ সকলৰ মানসিক আৰু শাৰীৰিক প্ৰতিবন্ধকতা দূৰীকৰণৰ ক্ষেত্ৰত সমাজৰ আন আন লোকৰ দায়িত্ব আৰু সজাগতা সম্পৰ্কত বক্তব্য দাঙি ধৰে ।
আনহাতে সকলো বক্তাই স্নেহ- তীৰ্থই আগবঢ়াই অহা প্ৰচেষ্টাৰ শলাগ লয় । অনুষ্ঠানত এগৰাকী আভিভাৱিকাৰ লগতে অনুষ্ঠানত উপস্হিত থকা কেইবাগৰাকী দিব্যাংগ শিশুৱে গীত পৰিবেশন কৰে । আনহাতে স্নেহ-তীৰ্থৰ সভানেত্ৰী ডা: সংগীতা বৰুৱা, পূৰ্ণ বৰা আৰু ভাৰতী বৰা স্মৃতি ন্যাসৰ সম্পাদক ড: ভূপেন তামুলী, বিশিষ্ট ব্যৱসায়ী গোবিন প্ৰজাপত,সমাজকৰ্মী দিলীপ লস্কৰ,যুগব্ৰত শৰ্মা, ইন্দু বৰাৰ লগতে ভালেসংখ্যক দিব্যাংগ শিশু আৰু অভিভাৱকে অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডাঃ বৈকুণ্ঠ কলিতা, ডা: ৰাজেন জয়ছোৱাল, ডা: প্ৰয়াগ শইকীয়া, ডা: ৰাস্না হিলৈদাৰী আদিৰ দৰে সমাজহিতৈষী ব্যক্তিৰ উদ্যোগত ২০১২ চনত নগাঁও চহৰত দিব্যাংগ সকলৰ হিত সাধনৰ লক্ষ্যৰে স্নেহ-তীৰ্থ নামৰ প্ৰশিক্ষণ কেন্দ্ৰটি গঢ় লৈ উঠে ।