চিকিৎসকৰ মতে ধূমপান হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণ। গতিকে ধূমপায়ীসকলৰ মাজত এই ৰোগ বেছি। কিন্তু আজিকালি ‘পেচিভ স্মোকাৰ‘ বা একেবাৰে ধূমপান নকৰা লোকসকলো এই ৰোগত আক্ৰান্ত হৈছে পুৰুষ-মহিলা নিৰ্বিশেষে।
ধূমপায়ীসকলৰ কাষত থকাৰ উপৰি এই ৰোগৰ আন এটা কাৰণ নিশ্চিতভাৱে পৰিৱেশ প্ৰদূষণ। ইয়াৰ বাহিৰেও আন এক প্ৰকাৰৰ হাওঁফাওঁৰ কৰ্কট ৰোগ আছে, যাৰ অন্যতম কাৰণ হʼল জিনগত পৰিৱৰ্তন। কিন্তু ইয়াৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত বহু লোকৰ জীৱন ৰক্ষা কৰাত সফল হৈছে এক নতুন ৰবটিক পদ্ধতি। হাওঁফাওঁৰ কৰ্কট ৰোগৰ মাৰাত্মক কাৰণ ইয়াক আগতীয়াকৈ ধৰা পেলোৱাটো কঠিন।
কলম্বিয়া ব্ৰডকাষ্টিং চিষ্টেমৰ তথ্য অনুসৰি, আমেৰিকাৰ মেইন লাইন হেল্থৰ চিকিৎসকসকলে কয় যে ৰবটিক প্ৰযুক্তিয়ে হাওঁফাওঁৰ কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পেলোৱাটো সম্ভৱ কৰি তুলিছে। কেৱল সেয়াই নহয়, এই পদ্ধতিৰ সহায়ত কৰ্কট ৰোগৰ চিকিৎসা সম্ভৱ।
এই নতুন প্ৰযুক্তি ‘ৰবটিক ব্ৰংকোস্কপিʼৰ সহায়ত চিকিৎসকে ইমেজিং গাইডেন্স আৰু মিনি টিউবৰ জৰিয়তে ৰোগীৰ হাওঁফাওঁ অতি গভীৰভাৱে পৰীক্ষা কৰিব পাৰে।এই প্ৰযুক্তিৰ আটাইতকৈ অনন্য দিশটো হʼল এই পদ্ধতিত যদি হাওঁফাওঁত কেন্সাৰ কোষ পোৱা যায় তেন্তে চিকিৎসকে ৰোগীক অচেতন অৱস্থাত থকা অৱস্থাতে এনাস্থেচিয়াৰ জৰিয়তে চিকিৎসা কৰিবলৈ সক্ষম হয়।
চিকিৎসকৰ মতে, হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ আশংকা থকা লোকসকলৰ বাবে এই ৰবটিক প্ৰযুক্তি বিশেষভাৱে গুৰুত্বপূৰ্ণ হʼব পাৰে। কেন্সাৰ বিয়পি পৰাৰ আগতেই ধৰা পৰিলে বহুতৰে জীৱন ৰক্ষা কৰিব পাৰি। চিকিৎসকৰ মতে এই আৱিষ্কাৰ যুগান্তকাৰী।