ASSAM TIMES POST
বকলীয়াঘাট : যোৱানিশা বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপথাৰত মন্ত্ৰী চুম ৰংহাঙৰ কনভয়ৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগতে মন্ত্ৰী ৰংহাঙৰ এগৰাকী দেহৰক্ষী ঘটনাস্থলীতে নিহত হয়।

ঘটনাৰ বিৱৰণ অনুসৰি অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাঙে যোৱানিশা কাছমাৰীৰ ৰাস মহোৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহাভিমূখে ওভতি আহে। ইয়াৰ পিছতে মন্ত্ৰীৰ কনভয়ৰ পৰা পিছপৰি ৰোৱা এএছ-০৯-এফ-৬১৭৭ নম্বৰৰ ইন’ভাখনে নিয়ন্ত্ৰণ হেৰুৱাই ধৰমতুলৰ এখন দলঙৰ তলত পৰি যায়। দুৰ্ঘটনাটোত মন্ত্ৰীগৰাকীৰ ব্যক্তিগত দেহৰক্ষী ৰামছিং তেৰাং থিতাতে নিহত হয়।













