আজি সন্ধিয়া ডিফু আৰক্ষীৰ অভিযানত ডিফু ৰেল ষ্টেচনত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ গাঞ্জা।প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলং জিলা উপ আৰক্ষী অধীক্ষক(প্ৰভেছনাৰ) নিলোৎপল শইকীয়াৰ নেতৃত্বত ডিফু আৰক্ষীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত ডিফু ষ্টেচনত তালাচি চলাই নামনিমুৱা অবাধ অসম এক্সপ্ৰেছ ৰেলৰ পৰা গাঞ্জা খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

প্ৰায় ৩০কেজি ৫০০ গ্ৰাম গাঞ্জাৰ হৈতে এগৰাকী ৬০ ঊৰ্ধৰ মহিলাকো আৰক্ষীয়ে আটক কৰে । আৰক্ষীৰ প্ৰাথমিক সোধ পোছত গাঞ্জাখিনি ডিমাপুৰৰ পৰা গুৱাহাটীলৈ নি আছিল বুলি জানিব পৰা গৈছে । মহিলা গৰাকীৰ নাম সূহাগী বিবি উৰফে হাৰ্জিনা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
।