শীতকাল আহিবলৈ আৰু বেছি দেৰি নাই। ছালৰ বিভিন্ন সমস্যা ঠাণ্ডাৰ লগে লগেই আৰম্ভ হয়। গতিকে বহুতেই ঠাণ্ডাৰ ক্ৰীম, মইশ্বোৰাইজাৰ লগাবলৈ আৰম্ভ কৰিছেই। কিন্তু আপুনি জানেনে যে শীতকালৰ বহু আগতেই শুকান ছালৰ যত্ন লʼবলৈ আৰম্ভ কৰিব লাগে?
বিশেষজ্ঞসকলৰ মতে, গ্ৰীষ্মকালত ঘামৰ বাবে ছালত পানীৰ অভাৱ দেখিবলৈ পোৱা নাযায়। কিন্তু বতৰৰ পৰিৱৰ্তনৰ লগে লগে ছালখনো সলনি হয়। বিশেষকৈ সংবেদনশীল ছালৰ ক্ষেত্ৰত এই সমস্যা বেছি। কেৱল মইশ্বোৰাইজাৰ লগোৱাটোৱেই ইয়াৰ সমাধান নহয়। তেনেহলে উপায় কি?
যিকোনো মইশ্বোৰাইজাৰ ব্যৱহাৰ নকৰিব, কেৱল চেৰামাইড আৰু জোজোবা তেলৰ মইশ্বোৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। সঘনাই মুখ ধুই মুখত মইশ্বোৰাইজাৰ লগাব লাগে। ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ হাইলোৰনিক এচিড আৰু লেক্টিক এচিডযুক্ত মইশ্বোৰাইজাৰ ব্যৱহাৰ কৰিব লাগে।
ফোম ভিত্তিক ফেচৱাছ
শীতকালত কোনো ধৰণৰ ফোম ভিত্তিক ফেচৱাছ ব্যৱহাৰ নকৰিব। ইয়াৰ পৰিৱৰ্তে ক্ৰীম ভিত্তিক ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰে। মুখখন পৰিষ্কাৰ কৰাৰ লগতে ছালখন আৰ্দ্ৰ কৰি ৰাখে।
গৰম পানীৰে মুখ ধোৱাৰ পৰা বিৰত থাকক
শীতকালত গা ধুবলৈ গৰম পানীৰ প্ৰয়োজন হয়। কিন্তু মুখ ধোৱাৰ বাবে বাৰে বাৰে গৰম পানী ব্যৱহাৰ কৰিলে ছাল শুকান হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
গা ধোৱা সামগ্ৰী
শেহতীয়াকৈ বহু লোকে গা ধোৱাৰ বাবে বিভিন্ন সুগন্ধি সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু ব্যৱহাৰৰ আগতে সেই সামগ্ৰীবোৰত কোনো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে নে নাই পৰীক্ষা কৰা উচিত। কাৰণ এনে সামগ্ৰী ব্যৱহাৰ কৰিলে ছাল শুকান হোৱাৰ সম্ভাৱনা বেছি।