বিবাহৰ প্ৰতিশ্ৰুতিৰে এগৰাকী নাৰ্ছক Nurse ধৰ্ষণ কৰাৰ অভিযোগত ৩২ বছৰীয়া এগৰাকী চিকিৎসকক Doctor গ্ৰেপ্তাৰ কৰে ত্ৰিপুৰা আৰক্ষীয়ে। শুকুৰবাৰে খোৱাই জিলাৰ তেলিয়ামুৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসকজনক। ইয়াকে লৈ ব্যাপক হুলস্থুলৰ সৃষ্টি হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তজন তেলিয়ামুৰাৰ এখন চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক। আনহাতে, অভিযোগকাৰীয়ে আগৰতলাৰ এখন চিকিৎসালয়ত কৰ্মৰত। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে অভিযুক্ত আৰু অভিযোগকাৰী দুয়োজনেই ইজনে সিজনৰ চিনাকি বুলি জানিব পৰা গৈছে। এবছৰৰ আগতে ফেচবুকত কথা পাতিছিল। পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে।
নাৰ্ছগৰাকীয়ে দাবী কৰে যে চিকিৎসকগৰাকীয়ে বিয়াৰ প্ৰতিশ্ৰুতি দি কেইবাবাৰো তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু এতিয়া তেওঁ বিয়াৰ কথা কʼবলৈ কুণ্ঠাবোধ কৰিছে। বুধবাৰে নাৰ্ছগৰাকীয়ে পশ্চিম আগৰতলা থানাত এজাহাৰ দাখিল কৰে। তাত চিকিৎসকজনে নাৰ্ছগৰাকীক ধৰ্ষণ, প্ৰহাৰ, আস্থা ভংগ আৰু প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে।
এই অভিযোগ তেলিয়ামুৰা থানালৈ স্থানান্তৰ কৰা হয়। তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বৃহস্পতিবাৰে চিকিৎসকজনক সোধা-পোছা কৰে। পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। শুকুৰবাৰে আদালতত হাজিৰ কৰাত ন্যায়াধীশে অভিযুক্তক ১ ডিচেম্বৰলৈকে কাৰাগাৰত ৰখাৰ নিৰ্দেশ দিয়ে।