অৰুণাচল প্রদেশৰ সর্বোচ্চ তুষাৰাবৃত শৃঙ্গ ‘খিয়াৰী ছাটাম’ অভিযানলৈ যোৱাৰ পিছৰে পৰা নিখোঁজ হৈ আছে এভাৰেষ্ট বিজয়ী পর্বতাৰোহী তাপি মিৰা আৰু তেওঁৰ সহযোগী নিকু দাও। আৰু এই পর্বতাৰোহীকেইজন চীনা সেনাৰ হাতত বন্দী হৈ থকা বুলি উদ্বেগ প্রকাশ কৰিছে তেওঁলোকৰ ঘৰৰ সদস্যসকলে।
উল্লেখ্য, ‘খিয়াৰী ছাটাম’ অভিযানলৈ গৈ আগষ্ট মাহৰ পৰায়ে নিখোঁজ হৈ আছে তাপি আৰু নিকু। উল্লেখ্য, অৰুণাচলৰ পূব কামেং জিলাৰ সর্বোচ্চ চূড়া ‘খিয়াৰী ছাটাম’ৰ উচ্চতা প্রায় ৬,৯০০ মিটাৰ। এই শৃঙ্গ ভাৰত আৰু চীনত থকা তিব্বতীয় অঞ্চলৰ প্রকৃত নিয়ন্ত্রণ ৰেখাত (এলএসচি)। সেয়ে তাপি আৰু নিকু চীনা সেনাৰ হাতত বন্দী হৈ থকাৰ সম্ভাৱনা একেবাৰে উৰুৱাই দিব পৰা নাযায়।
আনহাতে, পর্বতাৰোহী দুজনৰ সন্ধানৰ দাবীত তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অৰুণাচল প্রদেশৰ ৰাজধানী ইটানগৰৰ ইন্দিৰা গান্ধী পার্কত বিগত সাত দিন ধৰি ধর্নাত বহিছে। তেওঁলোকৰ দাবী, নিখোঁজ পর্বতাৰোহী দুজনক জীৱিত বা মৃত অৱস্থাত চৰকাৰে উভতাই আনিব লাগিব।