![]()
ৰাজধানী দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড। আজি দিল্লীৰ নাৰেলা অঞ্চলৰ এটা জোতাৰ কাৰখানাত অগ্নিকাণ্ড সংঘটিত হয়। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে।খবৰ পোৱাৰ লগে লগে ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উক্ত স্থানত উপস্থিত হয়। ইতিমধ্যে বহু আহত লোকক উদ্ধাৰ কৰা হৈছে।
সকলোকে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি সংবাদ সংস্থাটোৰ সূত্ৰই প্ৰকাশ কৰিছে।সূত্ৰ অনুসৰি, জোতাৰ কাৰখানাটোত কেনেদৰে জুই লাগিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি, এতিয়াও বহু লোক কাৰখানাটোত আবদ্ধ হৈ আছে। উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে।
দিল্লী আৰক্ষীয়ে জনোৱা মতে, এতিয়াও বহু লোক আবদ্ধ হৈ আছে। উদ্ধাৰ হোৱা কোনো এজনো গুৰুতৰভাৱে আহত হোৱা নাই। সকলোকে চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত দুয়োজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।










