ASSAM TIMES POST
ডিফুঃ পাৰ্বত্য জিলা কাৰবি আংলঙত সমপ্ৰতি পঞ্চায়তীৰাজ ব্যৱস্থালৈ পাহাৰীয়া জিলা খনৰ চৌদিশে সৰৱ চৰ্চা হৈ থকা সময়ত কাৰবি স্বায়ত্ত পৰিষদৰ ইএম মঙলছিং তিমুঙ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপদেষ্টা এলৱিন টেৰণে বিষয়টো সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷
পঞ্চায়তীৰাজ ব্যৱস্থাই ষষ্ঠ অনুসূচী এলেকাৰ মৰ্যদা হ্ৰাস কৰিব বুলি দল- সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত এই অভিযোগ খণ্ডন কৰি এয়া এক ভূৱা প্ৰচাৰ বুলিহে কয় পৰিষদৰ নেতাদ্বয়ে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপদেষ্টা এলৱিন টেৰণে সংবাদ মাধ্যমত কৰা মন্তব্য অনুসৰি ১৯৯০ চনতে কংগ্ৰেছৰ আমোলতে পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন হৈছিল যদিও দেশৰ ষষ্ঠ অনুসূচী ভূক্ত এলেকা সমূহে মানি লোৱা নাছিল ৷ষষ্ঠ অনুসূচীভূক্ত এলেকা সমূহে তেতিয়া পঞ্চায়তীৰাজ ব্যৱস্থা মানি নোলোৱাৰ ফলশ্ৰুতিত এই অঞ্চলৰ লোক সকলে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিত্তীয় আয়োগৰ পৰা এই ব্যৱস্থাৰ বাবে আবণ্টিত ধন লাভ কৰাৰ পৰা ষষ্ঠ অনুসূচীভূক্ত এলেকা বঞ্চিত হৈছিল ৷ ফলত উক্ত এলেকা সমূহ উন্নয়ণৰ পৰাও বঞ্চিত হৈ আহিছে ৷
অৱশ্যে পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিকল্প হিচাপে এই অঞ্চল সমূহত গাওঁ উন্নয়ণ পৰিষদ ( ভিডিচি) গঠনৰ সুযোগ দিয়া হয় ৷ সেইমতে গাওঁ উন্নয়ণ পৰিষদৰ সদস্য সকল প্ৰত্যক্ষ ভোটত নিৰ্বাচিত হোৱাৰ লগতে ইয়াত মহিলা আৰু অনুসূচীত জাতি – জনজাতিৰ বাবে সংৰক্ষিত থাকিব লাগিব ৷ ইয়াৰ পিছত ২০০৬ চনত কেন্দ্ৰত কংগ্ৰেছ দলৰ চৰকাৰ থকাৰ সময়ত এখনি উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হয় ৷ সেই সময়ত ২০০৬ চনৰ পহিলা মাৰ্চত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদত প্ৰস্তাৱ নং ৬ যোগে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত গাওঁ উন্নয়ণ সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
সেই অনুসৰি গাওঁ সভা সমূহক উন্নয়ণৰ দায়িত্ব দিয়া হৈছিল যদিও বিত্তীয় কৰ্তৃত্ব প্ৰদান কৰা হোৱা নাছিল ৷ মন কৰিবলগীয়া বিষয় এয়ে যে বিজেপি চৰকাৰে ষষ্ঠ অনুসূচীভূক্ত এলেকাত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰয়োগৰে ষষ্ঠ অনুসূচীৰ ক্ষমতা লাঘৱ কৰা বুলি বিৰোধী দল সমূহে অভিযোগ উত্থাপন কৰাৰ সময়তে সংবাদমেলযোগে শাসকীয় চৰকাৰখনে সমগ্ৰ বিষয়টো পূৰ্বৰ কংগ্ৰেছ চৰকাৰলৈ ঠেলি দিয়াহে পৰিলক্ষিত হয় ৷ এলৱিন টেৰণৰ মতে যোৱা ৩০ অক্টোবৰত মেঘালয়ৰ শ্বিলঙত ষষ্ঠ অনুসূচীভূক্ত পৰিষদ সমূহৰ মাজত এক বৈঠক অনুষ্ঠিত হৈ যায় ৷ আনহাতে আজি ডিফুৰ সাংসদৰ উপস্থিত গাওঁ উন্নয়ণ সমিতিৰ নিতী- নিৰ্দ্ধাৰণ সম্পৰ্কীয় এক বৈঠক অনুষ্ঠিত হব ৷
এই সন্দৰ্ভত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিবক অধ্যক্ষ হিচাপে লৈ এখনি সমিতি গঠন কৰা হব ৷ সেইমতে কাৰবি আংলঙত কমেও সাতশ খন গাওঁ উন্নয়ণ সমিতি গঠন কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে ৷ ইয়াৰে প্ৰতিখন গাওঁ উন্নয়ণে বছৰি এশ কোটি টকাৰ পূঁজী লাভ কৰিব ৷ ইয়াৰ জৰিয়তে সকলো জাতি- জনগোষ্টী উপকৃত হব বুলি মন্তব্য কৰে এলৱিন টেৰণে ৷ আজি সংবাদমেলত পৰিষদৰ কেইবাগৰাকী ইএম আৰু এমঅচি উপস্থিত থাকে ৷