ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং : পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছʼত কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল । আগন্তোক টেট পৰীক্ষা, নাগৰিকত্ব সংশোধনী বিধেয়ক, ইউচিচি, পঞ্চায়তীৰাজ,দুই সন্তান নীতিৰ তীব্ৰ বিৰোধিতা ছাত্ৰ সন্থাটোৰ ।
পশ্চিম কাৰ্বি আংলং জিলাত কাৰ্বি ছাত্ৰ সন্থাৰ হামৰেণ জিলা সমিতিয়ে আজি সন্ধ্যা জোঁৰ সমদল উলিয়াই এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼত কাৰ্বি ছাত্ৰ সন্থাৰ হামৰেণ জিলা সমিতিৰ সভাপতি ৰামছিং টকবি, সম্পাদক মেথিউ ইংতি, মুখ্য উপদেষ্টা ছাৰছিং ইংলেঙে অংশ গ্ৰহণ কৰা উক্ত জোঁৰ সমদলত সাত শতাধিক ছাত্ৰ নেতা কৰ্মীয়ে অংশ লয় ।
উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ টেট পৰীক্ষাৰ পৰিৱৰ্তে কাৰ্বি আংলং জিলাত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা,পাৰ্বত্য জিলাত পঞ্চায়তীৰাজৰ বিৰোধিতা কৰাৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক , ইউচিচি আৰু চৰকাৰৰ দুই সন্তান নীতিৰ তীব্ৰ বিৰোধিতা কৰি ছাত্ৰ সংগঠনটোৱে এই জোঁৰ সমদল বাহিৰ কৰে । জোঁৰ সমদলৰ সময়ত ছাত্ৰ সংগঠনটোৱে বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, কাৰ্বি ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৱে উত্থাপন দাবীসমূহ চৰকাৰে শীঘ্ৰে সমাধান নকৰিলে, ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন আন্দোলন অব্যাহত ৰাখিবৰ বুলি স্পষ্ট কৰি দিয়ে ছাত্ৰ সংগঠনটোৰ উপদেষ্টা ছাৰছিং ইংলেঙে ।