![]()
আজি ডিব্ৰুগড় বগীবিল দলঙৰ ২৯ নম্বৰ খুটাৰ ওচৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, পুৱা ৮.৩০ বজাত ডিব্ৰুগড় অভিমুখে আহি থকা AR-01H-1975 নম্বৰৰ Pajero স্পৰ্টছ নামৰ গাড়ীখনৰ পিছফালৰ এটা ছকা হঠাৎ বিস্ফোৰণ হয় আৰু গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিব্ৰুগড়ৰ পৰা চিলাপথাৰ অভিমুখে গৈ থকা AR-01J-9465 নম্বৰৰ ক্ৰেটা গাড়ীখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
আনহাতে, উক্ত স্থানত একে সময়তে একে দিশত মাছ বিক্ৰী কৰিবলৈ গৈ থকা বাবু মিলি নামৰ যুৱক জনৰ AS-22E-3120 নম্বৰৰ গ্লেমাৰ বাইক খনটো প্ৰচণ্ড জোৰৰে খুন্দা মাৰে Pajero Sport। ঘটনাটো সংঘটিত কৰি গাড়ী খনৰ চালক জনে সেই মুহূৰ্ততে দূৰ্ঘটনা সংঘটিত স্থানৰ পৰা কৌশলৰে পলায়ন কৰে।
ঘটনাটো ভয়াৱহ আছিল, কিয়নো দলঙৰ ৰেলিং ওখ ন’হলে হয়টো পেজাৰ’ স্পৰ্টচ গাড়ীখন ব্ৰহ্মপুত্ৰ নদীত পৰিলে হয়। ।এই দুৰ্ঘটনাত বাইক আৰোহী বাবু মিলি আৰু ক্ৰেটা গাড়ী খনৰ চালক জন গুৰুতৰ ভাৱে আহত হয় ।
লগতে, স্থানীয় ৰাইজে দুয়োগৰাকীখ সংকটজনক অৱস্থাত ১০৮ এম্বুলেঞ্চৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰে। বাইক আৰোহী বাবু মিলিৰ ঘৰ ধেমাজিৰ শিঙিগুৰিয়াত বুলি জানিব পৰা গৈছে।













