ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ এখন আৱতৰীয়া দূৰ্গা পূজা। ভক্তৰ লানি নিচিগা ভিৰ। ঢাক-ঢোলৰ শব্দত উখল-মাখল চৌদিশ। হাতে হাতে ধূপ-ধূনা, শৰাই লৈ দূৰ্গা মাৰ চৰণত আৰ্শীবাদ লৈছে ভক্তয়ে। কিন্তু ক’ত আৰু কিয় এই আৱতৰীয়া দূৰ্গাপূজা,জানিবলৈ চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন
দূৰ্গোৎসৱ পাৰ হোৱা আজি এমাহেই হ’ল। কিন্তু এই এমাহৰ পাছত পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেঙত এতিয়া দূৰ্গাপূজাক লৈ উখল-মাখল পৰিবেশ। দূৰ্গা মাৰ চৰণত আৰ্শীবাদ লবলৈ ভিৰ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তয়ে। ধাক ঢোলৰ শব্দে চৌদিশ ভক্তি ৰসে বোৰাই পেলাইছে। অন্যান্য প্ৰান্তৰ লগতে টুম্প্ৰেং অঞ্চলটো বহু আগৰে পৰা সময় মতেই দূৰ্গা পূজা অনুষ্ঠিত কৰি আহিছিল।
কিন্তু আজিৰ পৰা তিনি বছৰ আগত যি ভাগ দূৰ্গাপূজা অনুষ্ঠিত কৰা হৈছিল তাৰ পাচৰে পৰা সমগ্ৰ অঞ্চলটোতে হেনো বিভিন্ন অপায় অমঙ্গল তথা মহা মাৰি ৰোগে দেখা দিছিল। সেই সময়তে কোনো লোকে হেনো সপোনত দেখিলে পূজা কৰাৰ কিবা খেলি-মেলিৰ হৈছিল ।কাৰণে অঞ্চলটোতে এনে অবস্থা হৈছে।
এই অপায়-অমঙ্গল সমূহ দূৰ কৰিবলৈ হ’ল দূৰ্গাপূজাৰ এমাহৰ পাচত এইদৰে আৱতৰীয়াকৈ তিনি বছৰ দূৰ্গা পূজা অনুষ্ঠিত কৰিব লাগে।তেতিয়াহে সকলো অপায়-অমংগলৰ দূৰ হব। এই লোকবিশ্বাসৰ ওপৰতেই ভিত্তি কৰি বিগত তিনিটা বছৰে সমগ্ৰ টুম্প্ৰেং অঞ্চলৰ ৰাইজে এইদৰে আৱতৰীয়াকৈ দূৰ্গাপূজা অনুষ্ঠিত কৰি আহিছে। যাতে অঞ্চলটোৰ পৰা সকলো অপায় অমঙ্গ দূৰ হয়। এইবাৰ ৩য় সংখ্যক তথা অন্তিম পূজা। বিগত বছৰ কেইটাৰ তুলনাত এইবাৰ ভক্তসকলক ভিৰ যথেষ্ট বেছি দেখিবলৈ পোৱা গৈছে।