![]()
বৰ্তমানৰ গতিত বৃদ্ধি অব্যাহত থাকিলে ২০২৯ চনৰ ভিতৰতেই বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশ হ’ব ভাৰত। এক ৰিপোর্ট প্রকাশ কৰি ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা এই দাবী কৰা হৈছে।ষ্টেট বেংকৰ অর্থনৈতিক গৱেষণা সংক্রান্ত বিভাগে জনাইছে, ২০২৩ বিত্তীয় বর্ষত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ উপনীত হ’ব পাৰে ৬.৭ৰ পৰা ৭.৭ শতাংশত।
অৱশ্যে বিশ্বজুৰি ৰাজনৈতিক অস্থিৰতা আৰু নানা পাৰিপার্শ্বিক কাৰণত জিডিপি বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ থাকিব পাৰে বুলি ষ্টেট বেংকৰ অমুমান।ষ্টেট বেংকৰ ৰিপোর্টত কোৱা হৈছে, ২০১৪ চনৰ পৰা দেশৰ অর্থনীতি যি দিশত আগবাঢ়িছে, তাৰ ফলত ২০২৯ চনৰ ভিতৰতেই বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশ হ’বলৈ আগবাঢ়িছে ভাৰত।
ৰিপোর্টত ইয়াকো জনোৱা হৈছে, ২০১৪ চনত দেশত ২.৬ শতাংশ জিডিপি শ্বেয়াৰ থাকিলেও, ২০২২ চনত ইয়াৰ পৰিমাণ হয় ৩.৫ শতাংশ। ২০২৭ চনৰ ভিতৰতেই দেশত জিডিপিৰ পৰিমাণ ৪ শতাংশ হ’ব পাৰে বুলি অনুমান ষ্টেট বেংকৰ।
তেনে ক্ষেত্রত জার্মানীৰ জিডিপিৰ পৰিমাণকো চেৰ পেলাই যাব ভাৰতে। ২০২৯ চনৰ ভিতৰত জাপানকো চেৰাই আৰু এটা ধাপ আগবাঢ়ি যাব পাৰে ভাৰত।উল্লেখ্য, শুক্রবাৰে এটি আন্তর্জাতিক ৰিপোর্টত জনোৱা হৈছে যে ব্রিটেইনক অতিক্ৰম কৰি বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতিৰ দেশত পৰিণত হৈছে ভাৰত।
আন্তর্জাতিক মুদ্ৰা নিধিৰ পৰিসংখ্যাত দাবী কৰা হৈছে, চলিত বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিকত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ য’ত উপনীত হৈছে, তাৰ পৰা অনায়াসেই দেশখনক পঞ্চম বৃহত্তম অর্থনীতিৰ দেশ বুলিব পৰা যায়। অৱশ্যে ষ্টেট বেংক সূত্রৰ দাবী, ২০২১ চনৰ ডিচেম্বৰ মাহতেই পঞ্চম বৃহত্তম অর্থনীতিৰ স্বীকৃতি লাভ কৰিছিল ভাৰতে।










