বিগ-বি অমিতাভ বচ্চনে প্ৰায় এসপ্তাহ আগতে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগী সকলক জনাইছিল যে তেওঁ ক’ৰোণাৰ দ্বাৰা সংক্ৰমিত। অমিতাভ বচ্চন দ্বিতীয়বাৰৰ বাবে ক’ভিড পজিটিভ হোৱা খবৰে অনুৰাগীসকলক যথেষ্ট বিচলিত কৰি তুলিছিল আৰু সকলোৱে বিগ বিৰ আশু আৰোগ্য কামনা কৰিছিল। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ক’ৰোণাক পৰাস্ত কৰি তেওঁৰ কামলৈ উভতি আহিছে।
বিগ-বিয়ে তেওঁৰ অনুৰাগীসকলক সামাজিক মাধ্যমৰ জৰিয়তে বা তেওঁৰ ব্লগৰ জৰিয়তে তেওঁৰ স্বাস্থ্যসম্পৰ্কীয় তথ্য দিয়ে। বিগ বিয়ে তেওঁৰ ব্লগত অনুৰাগীসকলক কৰোনাৰ পৰা ওলাই অহাৰ বিষয়েও তথ্য দিছিল। অমিতাভ বচ্চনে লিখিছিল, ‘আপোনালোক সকলোৰে প্ৰাৰ্থনাত, মই কামলৈ উভতি আহিছোঁ। আপোনালোক আটাইকে আন্তৰিক ধন্যবাদ জনাইছোঁ… মই যোৱা নিশা ক’ভিড নিগেটিভ হৈছোঁ আৰু আইশ্ব’লেচনৰ ৯ দিনৰ ম্যাদ সমাপ্ত কৰি মই উভতি আহিছোঁ। ইয়াৰ মাজত ৭ দিন মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। মোৰ মৰম সদায় আপোনালোকৰ বাবে থাকিব। আপুনি চিন্তিত হৈ আছে আৰু ইমান সময় ধৰি মোক যথেষ্ট মৰম দিছে, এটা পৰিয়াল যিয়ে মোৰ যথেষ্ট যত্ন লৈছে। মই কেৱল আপোনালোকৰ ওচৰত হাত যোৰ কৰিব পাৰো।”
উল্লেখ্য যে, অমিতাভ বচ্চন ক’ৰোণা পজিটিভ হোৱাৰ পিছত, তেওঁৰ চনিৰ অনুষ্ঠান ‘কৌন বনেগা কৰোড়পতি’ৰ শ্বুটিং বন্ধ কৰা হৈছিল, যাৰ এতিয়া অমিতাভ বচ্চনৰ অহাৰ পিছত কাম আৰম্ভ কৰা হৈছে।