![]()
দক্ষিণ এছিয়াৰ পৰিৱৰ্তিত ভূগোল আৰু ভূ-অৰ্থনীতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বাংলাদেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে কিছু নতুন পদক্ষেপ গ্ৰহণ কৰা উচিত। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নতুন দিল্লী ভ্ৰমণৰ এসপ্তাহ পূৰ্বে ঢাকাই ইয়াকে বিচাৰিছে।
সূত্ৰসমূহে কয়, “ভাৰতে বাংলাদেশৰ অৰ্থনৈতিক বিকাশ আৰু নিজৰ বিত্তীয় সম্ভাৱনাৰ মাজত এক সুক্ষ্ম ভাৰসাম্য ৰক্ষা কৰা উচিত। উদ্বেগজনক কেইবাটাও ক্ষেত্ৰৰ সমাধান কৰা হৈছে। দুই দেশৰ মাজত যি স্থিতিশীলতা সৃষ্টি হৈছে তাক বজাই ৰাখিবলৈ তিষ্টা চুক্তি আৰু ৰহিংগীয়া শৰণাৰ্থী বিষয়ত ভাৰতৰ ইতিবাচক ভূমিকা অতি গুৰুত্বপূৰ্ণ। অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে মোকাবিলা কৰিবলৈ বাংলাদেশে অধিক উন্নত অভিযান্ত্ৰিক বিকাশৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে।”
কেৱল আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাই নহয়, ঘৰুৱা ৰাজনৈতিক কাৰণতো শ্বেখ হাছিনাৰ বাবে এই দিল্লী ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। বাংলাদেশত সাধাৰণ নিৰ্বাচন চমু চাপিছে। আমেৰিকাকে ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষক সকলৰো এই নিৰ্বাচনত নজৰ থাকিব। সূত্ৰ অনুসৰি, আৱামি লীগ চৰকাৰে এই সময়ত দেশত ভাৰত বিৰোধীৰ নামত উগ্ৰবাদৰ বৃদ্ধিৰ অনুমতি দিব নিবিচাৰে।
ঢাকাৰ এটা শীৰ্ষ সূত্ৰৰ ভাষাত, “অবৈধ ব্যৱসায়, গৰু সৰবৰাহ, মহিলা সৰবৰাহ আদি বিষয়ত চোৰাংচোৱাগিৰি বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। উত্তৰ-পূৰ্বাঞ্চলত যৌথ টহল দি সমস্যাটো হ্ৰাস কৰিব পাৰে।
SAARC, BIMSTEC, BBIN আদি আঞ্চলিক গোটত ভাৰত আৰু বাংলাদেশৰ মাজত অধিক সমন্বয়ৰ প্ৰয়োজন আছে।” সহযোগিতা বৃদ্ধিৰ বাবে আগন্তুক সন্মিলনত আলোচনা হʼবলগীয়া বিষয়সমূহৰ ভিতৰত আছে বাণিজ্য, শক্তি, পৰিবহণ সংযোগ, সীমান্ত সুৰক্ষা, জলসম্পদ, প্ৰতিৰক্ষা।










