ASSAM TIMES POST
ছাইদুল ইছলাম,
ডিফু : পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত গঁড়ৰ খৰ্গ সহ তিনিজন লোকক আটক কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতি বাৰে নিশা এক গোপন সুত্ৰৰ পমখেদি ডিফু আৰক্ষীয়ে ডিফু এগ্ৰিকালচাৰ কল’নিৰ জীৱন টেৰণৰ বাসগৃহৰ পৰা গঁড়ৰ খৰ্গ সৈতে লোক তিনিজনক আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীৰ সুত্ৰ মতে জীৱন টেৰণৰ ঘৰলৈ ছুকুৰছিং টেৰণ নামৰ লোকজনে গঁড়ৰ খৰ্গটো বিক্ৰিৰ বাবে আনিছিল আৰু লোক তিনিজনৰ সৈতে যোগাযোগ কৰিছিল ৷

আটকাধীন লোক তিনিজন ক্ৰমে, ডিফু ডিএভি সমকুলৰ কাষৰ ৰংচিংদনৰ কামছিং ইংলেঙৰ পুত্ৰ পৱন ইংলেঙ, ডিফু পাপলাংপীৰ নিবাসী আতৰামাৰী ইংলেঙৰ পুত্ৰ বিমল ইংলেঙ (৩৯) বুলি চিনাক্ত কৰা হৈছে ৷ গঁড়ৰ খৰ্গ অনা মূল অপৰাধী ছুকুৰছিং পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷ ধৃত লোক দুজনক ডিফু থানাৰ গোছৰ ২৩৯/ ২০১৯ নম্বৰত গোছৰ ৰুজোদি ভাৰতীয় দণ্ডবিধি ৫১ (বন্য প্ৰাণী আইন) অনুসৰি গ্ৰেপ্তাৰ কৰি ডিফু ন্যায়িক আদালতত হাজিৰ কৰাই এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ আনে ৷













