ASSAM TIMES POST
ডিব্ৰুগড়ঃ সমগ্ৰ ৰাজ্যতে আজিৰে পৰা আৰম্ভ হল ৰাজ্যৰ শিক্ষা বিভাগৰ নতুন নীতি।ৰাজ্যৰ বিদ্যালয়ৰ মধ্যাহ্ণভোজনৰ পৰা ৰান্ধনীৰ সহায়িকাক আঁতৰাই খাদ্য যোগান ধৰিলে এইবাৰ স্বেচ্ছাসেৱী সংগঠনে।
কিন্তু স্বেচ্ছাসেৱী সংগঠনে খাদ্য বিতৰন কৰা প্ৰথম দিনটোতে ডিব্ৰুগড়ৰ একাংশ বিদ্যালয়ত খাদ্য বিতৰনৰ নামত দেখা গল চূড়ান্ত অনিয়ম।জিলাখনৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়টো দেখা গল সংস্থাটোৰ ফোফুলা স্বৰূপ।বিদ্যালয়ৰ আধা সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ আহাৰ নোপোৱাত সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে।
যিকেইগৰাকী সৌভাগ্যবান ছাত্র-ছাত্ৰীয়ে খাদ্য পাইছিল,সেইয়াও খাদ্যৰ নামত মাত্ৰ পানী ডাইল আৰু ভাত।এইয়াই পুষ্টিকৰ খাদ্য নেকি?বুলি সৰব চৰ্চা লভিছে ৰাইজৰ মাজত।পৰিবৰ্তনৰ শ্লগান আউৰাই সকলোতে পৰিবৰ্তন আনিব বিছৰা চৰকাৰ খনৰ মধ্যাহ্ন ভোজন আঁচনিৰ পৰিবৰ্তনৰ পাছত তেওঁ লোকৰ কৰ্মকাণ্ড বিলাকক লৈ চচিয়েল মিডিয়াতো ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ ৩৩৩ খন বিদ্যালয়ত আজিৰে পৰা কেন্দ্ৰীয়ভাৱে সংস্থাপিত ৰান্ধনিশালৰ পৰা মধ্যাহ্ন ভোজন যোগানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ সদৰ স্থানৰ পৰা ২৫ কিঃমিঃ ব্যাসাৰ্ধৰ অন্তৰ্গত থকা বিদ্যালয়সমূহত আজিৰেপৰা মধ্যাহ্ন ভোজন যোগান প্ৰক্ৰিয়া আৰম্ভ হৈছে।
ইতিমধ্যে এন জি অ’ “ডি পিপুলচ ৱেলফেয়াৰ চ’ছাইটী”য়ে এই মধ্যাহ্ন ভোজনৰ দায়িত্ব গ্ৰহণ কৰিছে।বৰবৰুৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ৩ নং কুমাৰনীছিগা নিম্ম বুনিয়াদী বালিকা বিদ্যালয়ত মুঠ ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে খাদ্য যোগান ধৰিলে মাত্ৰ ৬ গৰাকীৰ বাবেহে।একেদৰে কুমাৰণীছিগা বালক প্ৰাথমিক বিদ্যালয়টো ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ ৬ গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে খাদ্য অনা পৰিলক্ষিত হয়।এনে কাৰ্যত হতভম্ব হৈ পৰে বিদ্যালয়খনৰ কতৃপক্ষ। আন দিনাৰ দৰে আজিও ছাত্ৰ-ছাত্ৰী সকলে মধ্যাহ্ন ভোজন খাব পাব বুলি আশা পালি আছিল যদিও কাৰ্যত সেয়া নোহোৱাত বিদ্যালয় কেইখনে স্বেচ্ছাসেৱী সংস্থাটোৱে যোগান ধৰা সামান্যতম খাদ্য ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰাৰ পৰিবৰ্তে পূৰ্বৰ দৰেই ৰান্ধনীৰ দ্বাৰা মধ্যাহ্ন ভোজন প্ৰস্তুত কৰি ছাত্ৰ ছাত্ৰীক দিব লগাত পৰে।
আনহাতে বেচৰকাৰী সংস্থাটোৱে বিতৰন কৰা খাদ্য সামগ্ৰী অতি নিম্নমানৰ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। ইফালে চহৰখনৰ শান্তিপাৰা হাইস্কুলটো একেই পৰিবেশ। বিদ্যালয় খনত উপস্থিত থকা মুঠ ১৭০ গৰাকী ছাত্র-ছাত্ৰী পৰিবৰ্তে খাদ্য আহিল মাত্ৰ ৭০জনলৈ। যাৰ বাবে বিমোৰত পৰিব লগা হয় শিক্ষক-শিক্ষয়িত্ৰী সকলো। স্বেচ্ছাসেৱী সংস্থাটোৰ এনে বিসংগতিপূৰ্ণ মধ্যাহ্ন ভোজন বিতৰণত অসন্তুষ্ট হৈ পৰিছে সমগ্ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী আৰু বৌদ্ধিক সমাজ।