ASSAM TIMES POST
গুৱাহাটীঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন এটা সঁজাতি দলে শুকুৰবাৰে গুৱাহাটীত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। পত্ৰখনিৰ জৰিয়তে চাৰিটা দাবী পূৰণ কৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনোৱা হয়। সেই অনুসৰি, কাৰ্বি স্বায়ত্ত পৰিষদৰ অধিক্ষেত্ৰৰ অধীনত পৃথক টেট পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষাৰ অধিকাৰ আইন, ২০০৯ অনুসৰি প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত শিক্ষকৰ অভাৱ দূৰ কৰা, দ্বিতীয়তে; ৰাজ্যত সকলো অনুসূচিত জনজাতি (পাৰ্বত্য)ৰ বেকলগ পদসমূহ পূৰণ কৰিবৰ কাৰণে এছটি (এইচ) প্ৰাৰ্থীৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰা, তৃতীয়তে; কাৰ্বি মাধ্যমৰ বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ কাৰণে কাৰ্বি মাধ্যমৰ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে কাৰ্বি স্বায়ত্ত পৰিষদৰ অধিক্ষেত্ৰৰ অধীনস্থ এমই আৰু হাইস্কুল সমূহত থকা ৪৮৪ টা কাৰ্বি ভাষাৰ শিক্ষকৰ পদ সৃষ্টি আৰু নিয়মীয়া কৰা আৰু শেষত ডিফুত এটা পৃথক টেট মূল্যায়ন মণ্ডল স্থাপন কৰিবলৈ কয়।
মন্ত্ৰীগৰাকীয়ে সঁজাতি দলটোৰ অভিযোগসমূহ শুনি কাৰ্বি আংলঙৰ জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত সম্ভৱপৰ সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সঁজাতি দলটোত আছিল স্বায়ত্তশাসিত জিলাৰ সাংসদ হৰেণছিং বে’, কাৰ্বি স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুং, পৰিষদৰ উচ্চ শিক্ষাৰ তত্বাৱধায়ক কাৰ্যবাহী সদস্য জগতছিং ইংতি, কাৰ্বি ষ্টুডেন্টছ এছ’চিয়েছনৰ সভাপতি বিজয় বে’; কাৰ্যালয় সম্পাদক উৰ্লি ৰংপী, কেএছইউৰ সভাপতি ছেৰিম টকবি; সাধাৰণ সম্পাদক ৰিচাৰ্ড ইংতি, কেএছৱাইচিৰ সভাপতি প্ৰকাশ টেৰাং; সাধাৰণ সম্পাদক বিপুল টিছু, কেএফএৰ সভাপতি টিংকু ইংতি আদি।