![]()
দুবছৰৰ মূৰত পুনৰ CAA ৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থা নেতৃত্বত পুনৰ কা’ৰ বিৰোধী আন্দোলনত কঁপিল গুৱাহাটী।লতাশিলৰ শ্বহীদ ন্যাসত আৰক্ষী বাধাৰ মাজতে সাব্যস্ত প্ৰতিবাদ।আৰক্ষীয়ে প্ৰতিবাদকাৰী আছুকর্মীক শ্বহীদ ন্যাসতে আবদ্ধ কৰি ৰাখে।
উল্লেখ্য নেছ’ৰ আহ্বানত আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ।সমগ্ৰ উত্তৰ-পূর্বত আজি কা’ৰ বিৰুদ্ধে নেছ’ৱে সাব্যস্ত কৰিছিল প্ৰতিবাদ।প্ৰতিখন ৰাজ্য ৰাজধানীত সাব্যস্ত কৰিছিল প্ৰতিবাদ।তাৰে অংশৰূপে গুৱাহাটীত আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ।
কা’ আমি নামানো, খিলঞ্জীয়া বিৰোধী কা বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, বিজেপি হুচিয়াৰ আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।তাপৰ্যপূৰ্ণ কথা যে ক’ৰনা বাবে প্ৰায় দুবছৰ ধৰি বন্ধ হৈ আছিল কা’ আন্দোলন।













