ASSAM TIMES POST
ডিফু, : কাছাৰ জিলাৰ শিলচৰৰ মেহেৰপুৰ এলেকাত ভয়াবহ পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি যোৱা কালিৰ পৰা জনসাধাৰণৰ মাজত উৰা বাতৰি বিয়পাই শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকাত কাছাৰ জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী বিধিৰ ১৪৪ ধাৰা অনুসৰি এলানি নিষেধাজ্ঞা আৰোপ কৰিছে ৷ প্ৰকাশিত নিষেধাজ্ঞা অনুসৰি কাছাৰ জিলাৰ সাৰ্বজনীন স্থানত পাঁছ জন বা তাতোধিক লোকৰ চলা-ফুৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে ১৪৪ ধাৰা অনুসৰি কোনো ব্যক্তিয়ে লাঠি,দা, তৰোৱাল ইত্যাদি অস্ত্ৰ-শস্ত্ৰ লৈ ঘূৰা- ফুৰা কৰিব নোৱাৰিব, ইয়াৰোপৰি প্ৰশাসনৰ অনুমতি অবিহনে শোভাযাত্ৰাৰ সৈতে কোনোৱে স্পীকাৰ, মাইক্ৰ’ফ”ন ছাউণ্ড ছিষ্টেম আদি শব্দ সৃষ্টি কৰা যন্ত্ৰাদি ব্যৱহাৰ কৰিব নোৱাৰিব ৷
উল্লেখ যোগ্য যে যোৱাকালি শিলচৰ মেডিকেল কলেজ আৰু হাস্পাতাল দিশে পৰা শিলচৰ টাউন পৰা আহি থকা তীব্ৰ বেগী এখন ট্ৰাকে শিলচৰ মেহেৰপুৰ এলেকা দেবী মা কালীৰ প্ৰতিমালৈ বিপৰীত দিশৰ পৰা শোভাযাত্ৰা কৰি আহি থকা সময়তে শোভাযাত্ৰাৰ ওপৰেদি অসাৱধানবশত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে শোভাযাত্ৰাৰ লোকক মহটিয়াই নিয়ে৷ ফলত বাতৰি পোৱা অনুসৰি এতিয়ালৈকে দুজন নিহত আৰু সৰু -বৰ ১৫ জন লোক আহত হবলগীয়া হৈছে বুলি জানিব পৰা গৈছে ৷












