দেশৰ বিভিন্ন থানাত নূপুৰ শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা সকলো এফআইআৰৰ তদন্ত কৰিব দিল্লী আৰক্ষীয়ে। উচ্চতম ন্যায়ালয়ে জনায় যে, নিলম্বিত বিজেপিৰ মুখপাত্ৰ নূপুৰৰ বিৰুদ্ধে দেশৰ বিভিন্ন থানাত বিতৰ্কিত মন্তব্যৰ বাবে এফ আই আৰ দাখিল কৰা হয়। সেই এফ আই আৰ একত্ৰিত কৰি দিল্লীলৈ হস্তান্তৰ কৰিবলৈ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে নূপুৰ।
পশ্চিমবংগ, তেলেংগানা, মহাৰাষ্ট্ৰ, অসম, কৰ্ণাটকৰ একাধিক থানাত বিতৰ্কিত মন্তব্যৰ পিছতে নূপুৰৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সেই ৰাজ্যসমূহৰ পৰা নূপুৰৰ জেৰাৰ বাবে চমন আহিবলৈ ধৰে। তাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে তেওঁ। বুধবাৰে উচ্চতম ন্যায়ালয়ে জনোৱা মতে, আপাততঃ সকলো এফআইআৰ একত্ৰিত কৰি দিল্লীলৈ হস্তান্তৰ কৰা হʼব আৰু গোচৰৰ তদন্ত দিল্লী আৰক্ষীৰ হাতত থাকিব। পিছত নতুনকৈ এফআইআৰ দাখিল কৰিলেও দিল্লী আৰক্ষীয়েও তদন্ত কৰিব। যেতিয়ালৈকে তদন্ত সম্পূৰ্ণ নহয় তেতিয়ালৈকে উচ্চতম ন্যায়ালয়ে সাময়িকভাৱে নূপুৰক গ্ৰেপ্তাৰৰ পৰা ৰেহাই দিছে। ইফালে এফ আই আৰ খাৰিজ কৰাৰ বাবে আবেদন লৈ নূপুৰে দিল্লী উচ্চ ন্যায়ালয়লৈ যাব পাৰে।
উল্লেখ্য, নূপুৰৰ বিৰুদ্ধে এই গোচৰৰ প্ৰথম এফ আই আৰ দিল্লীত দাখিল কৰা হৈছিল। নূপুৰৰ আবেদন আছিল যে যিহেতু দিল্লীত প্ৰথম এফআইআৰ দাখিল কৰা হৈছিল, সেয়েহে পৰৱৰ্তী সময়ত অন্য ৰাজ্যত দাখিল কৰা এফআইআৰসমূহ দিল্লী গোচৰৰ সৈতে একত্ৰিত কৰা উচিত। বুধবাৰে উচ্চতম ন্যায়ালয়ে এই আবেদন গ্ৰহণ কৰে।
উল্লেখ্য, এটা সংবাদ মাধ্যমত বিতৰ্কিত মন্তব্যৰ পৰিপ্ৰেক্ষিতত দেশ-বিদেশত আৰম্ভ হয় নুপুৰক লৈ তীব্ৰ সমালোচনা। দেশৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনাও সংঘটিত হয়। জুন মাহত বিজেপিয়ে তেওঁক নিলম্বন কৰে।