অৰুণাচল আৰু নাগালেণ্ডৰ ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ ওপৰত বিদ্ৰোহীৰ ভয়ংকৰ এম্বুশ্ব।আলফা (স্বা) আৰু এন এছ চি এন (কে) দুয়োটা সংগঠনে আগন্তুক স্বাধীন দিৱস বৰ্জন কৰি সৰ্বাত্মক বন্ধ ঘোষণা কৰিছিল। ইয়াৰ মাজতে আজি পুৱা ৩ বজাত উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা স্থানৰ আছাম ৰাইফলচ শিবিৰত উগ্ৰপন্থীৰ দলে ভয়ংকৰ এম্বুশ সংঘটিত কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, ভাৰত ম্যানমাৰ সীমান্তৰ পাংচু পাছৰ পৰা ১২ কিলোমিটাৰ নিলগত অৱস্থিত ১৯নং আছাম ৰাইফলৰ তিনিটাকৈ শিবিৰত আলফা স্বাধীন আৰু এন এছ চি এন (কে) ৰ প্ৰায় ১০/১৫ দল এটাই হাতে হাতে মৰ্টাৰ ,আৰ পি জি আদি অত্যাধুনিক মাৰণাস্ত্ৰৰে এই আক্ৰমণ সংঘটিত কৰে।
এই যুটীয়া আক্ৰমণত আছাম ৰাইফলৰ এজন জোৱান নিহত আৰু এজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এই বিষয়ত অস্বীকাৰ কৰা লগতে নায়ক কৰ্ণেল সিং আহত হোৱা বুলিহে দাবী কৰিছে।
পাংছু পাছৰ পিছতে আলফা স্বাধীন আৰু এন এছ চি এন(কে)ই অৰুণাচলৰ টিৰাপ জিলাৰ খুনছাৰ সমীপৰ নংনো বস্তিত দ্বিতীয়টো এম্বুশ্ব সংঘটিত কৰা চেষ্টা চলায়। অৱশ্যে বিদ্ৰোহী দলটোৰ অৱস্থিতিৰ উমান পাই আছাম ৰাইফলৰ জোৱানে গুলি বৰ্ষণ কৰাত দলটো ঘটনা স্থলীৰ পৰা আতৰি যায়। ইফালে নাগালেণ্ডৰ চিৰামাটিতো আছাম ৰাইফলৰ ওপৰত আলফা স্বাধীন আৰু এন এছ চি এন (কে)ই যৌথ আক্ৰমণ চলায় । এই আক্ৰমণতো তিনিজন জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে।
আজি পুৱাৰ ভাগত বিদ্ৰোহী গোটে সংঘটিত কৰা তিনিওটা আক্ৰমণৰ সন্দৰ্ভত ভাৰতীয় সেনা অথবা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক বিবৃতি বাতৰি লিখা পৰলৈকে জাৰি কৰা নাই । পাংচুপাচৰ ভয়াবহ এম্বুশ্বৰ পিছতে নাংপুৰ পৰা ভাৰত-ম্যানমাৰ সংযোগী পথ সেনাই সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াৰ সমান্তৰালকৈ সাংবাদিক-জনসাধাৰণৰ প্ৰবেশত বাধা আৰো কৰিছে।
উল্লেখ্য যে, ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এইবাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰি ব্যাপক প্ৰস্তুতি চলোৱাৰ মাজতে বিদ্ৰোহী গোটৰ এনে সমৰ প্ৰস্তুতিয়ে সেনা আৰক্ষীৰ লগতে, সৰ্ব সাধাৰণ লোককো শংকিত কৰি তোলা পৰিলক্ষিত হৈছে।
আজি পুৱা ঘটনাস্থলিৰ দিশে ৩ খন এম্বুলেঞ্চ আৰু বৃহৎ সেনাৰ দল ৰাওনা হয়। ইতিমধ্যে ভাৰত ম্যানমাৰ সীমান্ত অৰুনাচল প্ৰদেশৰ সীমান্তবৰ্তী অঞ্চল সমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে উগ্ৰপন্থী দলটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।