নতুন দিল্লীৰ আপত্তি আৰু কলম্বোৰ আবেদনক আওকাণ কৰি চীনা চোৰাংচোৱা জাহাজে শ্ৰীলংকাৰ দিশে যাত্ৰা অব্যাহত ৰাখিছে। শেহতীয়া খবৰ অনুসৰি চীনৰ মহাকাশ আৰু উপগ্ৰহ গৱেষণা জাহাজ ‘ইউয়ান ৱাং-৫’ ১৪ নট বেগত হামবান্টোটা বন্দৰৰ কাষ চাপিছে।
উল্লেখ্য, এই ক্ষেত্ৰত নতুন দিল্লীয়ে আপত্তি দৰ্শাইছিল শ্ৰীলংকাৰ ওচৰত। উক্ত আপত্তিৰ পিছত কলম্বোৱে চীনক জনাইছিল যে জাহাজখনে তেওঁলোকৰ বন্দৰত লঙ্গৰ পেলাব নালাগে। কিন্তু উক্ত আপত্তি আৰু আবেদনক আওকাণ কৰি জাহাজখন শ্ৰীলংকাৰ বন্দৰৰ দিশে আগবাঢ়িছে। বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাত হামবাণ্টোটা বন্দৰত উপস্থিত হোৱাৰ কথা আছে ইউয়ান ৱাং-৫।
ভাৰতৰ মতে এই অত্যাধুনিক জাহাজখনে ভাৰতৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থাসমূহ নিৰীক্ষণ কৰাৰ সম্ভাৱনা আছে। ভাৰতৰ আপত্তিৰ পিছতে সোমবাৰে শ্ৰীলংকাই চীনৰ কৰ্তৃপক্ষক জনাইছে যে জাহাজখন হামবাণ্টোটাত লঙ্গৰ পেলোৱাৰ পৰিকল্পনা পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত স্থগিত ৰাখিব লাগে। কিন্তু চীনৰ পক্ষৰ পৰা এনে কোনো উদ্দেশ্য নাই বুলি ধাৰণা কৰা হৈছে।
সূত্ৰ অনুসৰি, ইণ্ডোনেছিয়াৰ উপকূলৰ পৰা পশ্চিম দিশলৈ গৈ আছে ২৩ হাজাৰ টন ওজনৰ জাহাজখন। জাহাজখনৰ গতিবেগ ১৪ নট (২৬ কিলোমিটাৰ প্ৰতি ঘণ্টাত)। ১১ আগষ্ট, বৃহস্পতিবাৰে পুৱা জাহাজখন শ্ৰীলংকাৰ উপকূলৰ হামবাণ্টোটা বন্দৰত উপস্থিত হ’ব। ১৭ আগষ্টলৈকে শ্ৰীলংকাৰ উপকূলত থকাৰ কথা আছে জাহাজখন।