২০২২ চনৰ ২১ জুলাইত ত্ৰিপুৰাৰ ধলাই জিলাৰ গংগানগৰ সীমান্তৰে এনএলএফটিৰ চাৰিজন উগ্ৰপন্থীয়ে ৰাজ্যখনত প্ৰৱেশ কৰিছিল।গোপনীয় সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে সাধাৰণ লোকৰ পৰা অপহৰণ আৰু ধনদাবী কৰাৰ উদ্দেশ্যে ৰাজ্যখনত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰে।
উগ্ৰপন্থীকেইজন বাৰামুৰাৰ গভীৰ অৰণ্যত আত্মগোপন কৰি থকা বুলি তথ্য লাভ কৰা হয়। সেই অনুসৰি আৰক্ষীয়ে অৰণ্যৰ চাৰিওফালে বাহৰ পাতি থাকে। শেষত চাৰিজন উগ্ৰপন্থী উমেশ কল্লাই, ফনিজয় ৰিয়াং, ভিক্টৰ জামাতিয়া, উত্তমকিশোৰ জামাতিয়াই অৰণ্যৰ পৰা ওলাই অহাৰ পথ বিচাৰি নোপোৱাত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।
সেই চাৰিজনৰ লগতে তেওঁলোকৰ ২ জন সহযোগী সূৰ্যকিশোৰ জামাতীয়া আৰু ব্ৰজেন্দ্ৰ ৰিয়াঙো আৰক্ষীৰ জালত ধৰা পৰে।তেওঁলোকৰ পৰা এটা এ কে ৪৬ ৰাইফল, ইয়াৰ দুটা মেগজিন আৰু ৬০ ৰাউণ্ড গুলী, এটা মেগজিনসহ এম ২০ পিষ্টল, ৫ ৰাউণ্ড গুলী, পইণ্ট ৩৮ পিষ্টল, এটা মেগজিন আৰু ১৫ ৰাউণ্ড গুলী, এনএলএফটিৰ ধন দাবী পত্ৰ আৰু এখন নগদ ধনৰ ৰচিদ উদ্ধাৰ কৰে।