দিল্লীৰ পিছত এইবাৰ গুৱাহাটী। ভিন্ন ৰাজ্যত চলাই থকা তদন্তত পুনৰ বাধাৰ সন্মুখীন হৈছে বংগৰ চিআইডি। সূত্ৰ অনুসৰি বংগৰ পৰা অহা চিআইডিৰ বিষয়াকেইজনক গুৱাহাটী বিমানবন্দৰত আটক কৰা হয়। আৰু তদন্তত বাধা দি পোনে পোনে থানালৈ লৈ যোৱা হয়। জানিব পৰা মতে, হাওৰাত গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনিজন বিধায়কৰ চিচি টিভি ফুটেজ বিচাৰিবলৈ গুৱাহাটীলৈ আহিছিল বিষয়াসকল। কিন্তু ফুটেজ বিচাৰি থকাৰ সময়তে অসম আৰক্ষীয়ে চিআইডি পৰিদৰ্শককে ধৰি চাৰিজনক আটক কৰে।
উল্লেখ্য, ইয়াৰ পূৰ্বে আজি দিল্লীত চিআইডিৰ বিষয়াসকলে আৰক্ষীৰ বেৰিকেডৰ সন্মুখীন হয়। শনিবাৰে তিনিজন ঝাৰখণ্ডৰ বিধায়কৰ গাড়ীৰ পৰা বংগ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰে। চিআইডিৰ সূত্ৰ অনুসৰি, বংগত ধৰা পৰাৰ পূৰ্বে তিনিওজন বিধায়ক অসমলৈ গৈছিল। কিন্তু কিয় গৈছিল তদন্তকাৰী বিষয়াসকলে সেই প্ৰশ্নৰ বৰ সন্তোষজনক উত্তৰ নাপালে। সেইবাবেই তেওঁলোক গুৱাহাটী বিমানবন্দৰলৈ আহে চিচিটিভিৰ ফুটেজ চাবলৈ।
আনহাতে, বংগৰ আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰৰ গোচৰত দিল্লীলৈ এজন ব্যৱসায়ীৰ সন্ধানত যায়। দিল্লী আৰক্ষীয়েও তাত তেওঁলোকক বাধা প্ৰদান কৰে। চিআইডিৰ অভিযোগৰ ওপৰত চাৰ্চ ৱাৰেণ্ট থকাৰ পিছতো তেওঁলোকৰ কাম-কাজ দিল্লী আৰক্ষীয়ে বন্ধ কৰাৰ অভিযোগ উঠিছে।