ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ বিজেপি চৰকাৰে নুমলীগড় শোধনাগাৰ ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে নুমলীগড় তিনিআলিত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদত উত্তাল হৈ পৰে নুমলীগড় তিনিআলিত ।বিপিচিএল (BPCL)বিক্ৰী হোৱাৰ ঘোষণাৰ পাছতেই প্ৰতিবাদৰ সমগ্ৰ ৰাজ্যৰ লগতে নুমলীগড়তো প্ৰতিবাদৰ জোৱাৰ উঠে।

কেন্দ্ৰীয় কেবিনেটে লোৱা বিপিচিএল (BPCL)বিক্ৰীৰ হঠকাৰী সিদ্ধান্তৰ পাছতেই জাঙুৰ খাই উঠিছে অসম প্ৰদেশ কমিটীৰ লগতে নুমলীগড়ৰ বিভিন্ন দল সংগঠন৷ বিজেপি চৰকাৰ বিৰোধী শ্লোগানৰে কঁপাই তোলে নুমলীগড়৷ কেন্দ্ৰীয় কেবিনেটে বিপিচিএলৰ (BPCL) এন আৰ এলত থকা প্ৰায় ৬২ শতাংশ আশীদাৰীত্ব বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্ত বাতিলৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে৷ বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত লোৱা ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুছেইন, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰেকিবুদ্দিন আহমদ, বিধায়িকা অজন্তা নেওগ, বিধায়িকা ৰ’জলীনা তিৰ্কী, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ আদিৰ লগতে কংগ্ৰেছ জিলা সমিতিৰ বিষয়ববীয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে৷ ধৰ্ণা কাৰ্যসূচীৰ পিছতে সমদল উলিয়াই ৰাজপথ অৱৰোধ কৰি কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰে ।












