আম আদমী পাৰ্টী অসমৰ মুখপাত্ৰ পলাক্ষী দাসৰ অসম প্ৰদেশ তৃণমূল কংগ্ৰেছত যোগদান। অসমৰ আপত সুৰক্ষিত নহয় মহিলা। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰি আপ নেত্ৰী তথা ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে যোগদান কৰে তৃণমূল কংগ্ৰেছত।
দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত পলাক্ষীয়ে তৃণমূলত যোগদান কৰি কয় যে, অসম আপৰ ভিতৰ চৰাত চলে মহিলা স্কেডেল। দলটোত বহু আসোঁৱাহ আছে। সকলোবোৰ ভাৱিয়েই ত্যাগ কৰিলো আপৰ মজিয়া।