গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা মইনা নায়ক ক্ৰমাৎ সুস্থ হৈছে।চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা মইনা নায়কে আজি খোজ কাঢ়িছে।ডিব্ৰুগড় লেপেটকতা কলঘৰৰ কাম কৰি থকা অৱস্থাত চি টি চি মেচিনত সোমাই গুৰুত্ব ভাৱে আহত হৈছিল।
দুৰ্ঘটনাটো ইমানে ভয়ংকৰ যে মইনা মূৰৰ ওপৰৰ অংশ বেয়াকৈ ঠেঠেলি খাইছিল।পৰৱৰ্তী সময়ত ডিব্ৰুগড় চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসা বাবে গুৱাহাটী মেডিকেল কলেজলৈ অনা হয়।বৰ্তমান জিএমচিএইচৰ আই চি ইউত ভৰ্তি হৈ আছে দুৰ্ভগীয়া মইনাই।