
আজি সন্ধিয়া প্ৰায় ৮ মান বজাত ডিফু থানা এলেকাৰ ৮ কিলো পথত সংঘটিত হৈছে এক শোকাৱহ পথ দূৰ্ঘটনা।প্ৰাপ্ত খবৰ অনুসৰি আজি সন্ধিয়া সময়ত হোজাইৰ পৰা গেলামাল দোকানৰ সামগ্ৰী লৈ ডিফু অভিমুখে আহি থকা AS 02 CC 5882 নম্বৰৰ বি আই ট্ৰাকখনে ডিফু লামডিং পথৰ ৮ কিলো পথত প্ৰায় ৮ মান বজাত নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ টিলাত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় ফলত ডিআই খনৰ চালক গাড়ীখনৰ ষ্টেয়াৰিং চকাত পৰি থিতাতে নিহত হয়।
ডিআই খনৰ হেণ্ডিমেন জন কথমপি প্ৰাণ ৰক্ষা পৰে। আনহাতে নিহত চালকজন ধনশিৰি সঞ্জয় দেৱ ৩৫ বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ খবৰ লাভ কৰি ডিফু থানাৰ পপা আৰক্ষীৰ লোক ঘটনাস্থলীৰ পৰা দুৰ্ঘটনাত পতিত বাহন আৰু নিহত চালক জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷













