
মহানগৰীৰ পূব গীতানগৰৰ বাসিন্দা তথা প্ৰতিভাসম্পন্ন চন্দনা দেৱী আৰু নাই। অসম সাংস্কৃতিক জগতখনক ম্ৰিয়মাণ কৰি অতি কম বয়সতে এই সংসাৰৰ পৰা বিদায় মাগিলে চন্দনা।
অভিনয় আৰু নৃত্য দিশত নিজৰ সুকীয়া পৰিচয়ৰ সৃষ্টি কৰা চন্দনা বিগত ডিচেম্বৰ মাহত বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হ’বলগীয়া হৈছিল। ছোৱালীজনীক নতুন জীৱন দিয়াৰ উদ্দেশ্যৰে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছিল মাতৃয়ে।
ব্যক্তিগত এখন হাস্পাতালত চিকিৎসাধীন চন্দনাক সহায়ৰ হাত আগবঢ়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাধ লগতে আন কেইবাগৰাকীও সুহৃয়বান লোকে।চন্দনাৰ বিয়োগত ম্ৰিয়মান হৈ পৰিছে তাইৰ গুণমুগ্ধসকল।













