বৃহস্পতিবাৰে সন্ধিয়া বনগাঁৱৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ জোৱানে জব্দ কৰে ২২ কোটি টকাৰ বৃহৎ পৰিমাণৰ সোণৰ সামগ্ৰী ক্ৰমে সোণৰ বিস্কুট, দণ্ড আৰু মুদ্ৰা। এই সামগ্ৰী উদ্ধাৰৰ সময়ত কোনো অভিযুক্তক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল বিএছএফৰ জোৱানসকল।
জোৱানসকলক দেখি সৰবৰাহকাৰী সকলে ইচামতী নদীত জঁপিয়াই পলায়ন কৰিবলৈ সক্ষম হয়। সূত্ৰ অনুসৰি, চোৰাং ব্যৱসায়ীৰ দলটোৱে এখন নাৱত ইচামতী নদীৰে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা সময়তে সীমান্তৰক্ষী বাহিনীৰ চকুত পৰে। ইফালে জোৱানসকলে ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বেই চোৰাং ব্যৱসায়ীৰ দলটোৱে নাওখনৰ পৰা জঁপিয়াই বাংলাদেশৰ ফালে পলাই যায়।
ইয়াৰ পিছতে বিএছএফৰ ১৫৮ বেটেলিয়নৰ জোৱানে নাওখন জব্দ কৰে। জব্দকৃত নাওখনত থকা পাঁচটা বেগৰ পৰা তালাচী চলাই জোৱানসকলে ৩২১ খন সোণৰ বিস্কুট, ৪ ডাল সোণৰ দণ্ড আৰু ১টা সোণৰ মুদ্ৰা জব্দ কৰে।
জব্দ কৰা সোণৰ ওজন প্ৰায় ৪১.৫ কিলোগ্ৰাম হব আৰু যাৰ বজাৰ মূল্য ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ২১.২২ কোটি টকা হব বুলি অনুমান কৰা হৈছে।