প্ৰায় তিনি সপ্তাহ পূৰ্বে নিৰুদ্দেশ হোৱা অসমৰ ৭ জন শ্ৰমিকক অৰুণাচল প্ৰদেশৰ চীন-সীমাত উদ্ধাৰ কৰা হৈছে।
অৰুণাচলৰ প্ৰান্তীয় জিলা কুৰুং কুমিৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পথ নিৰ্মাণৰ কামত নিয়োজিত আছিল শ্ৰমিককেইজন।
দমনৰ হুৰিৰ পৰা উদ্ধাৰ কৰা হয় তেওঁলোক। শ্ৰমিক কেইজনৰ দাবী, ঈদ উপলক্ষে ঘৰলৈ যাব বিচাৰিছিল তেওঁলোক। কিন্তু ঠিকাদাৰে ছুটী নিদিয়ে। সেয়ে তেওঁলোকে তিনিটা গোটত বিভক্ত হৈ ৫ জুলাইত কৰ্মস্থলীৰ পৰা পলায়ন কৰে।
ভাৰতীয় বায়ুসেনাই যেতিয়া তেওঁলোকক উদ্ধাৰ কৰিছিল তেতিয়া বহুতৰে শাৰীৰিক অৱস্থা বেয়া আছিল। কিছুমানে সঠিকভাৱে কথা কʼব পৰা অৱস্থাত নাছিল। কুৰুং কুমি জিলা আৰক্ষী অধীক্ষকে জনোৱা মতে, শ্ৰমিকসকলক চিকিৎসা আৰু অন্যান্য প্ৰয়োজনীয় সেৱা আগবঢ়োৱা হৈছে।
জিলা প্ৰশাসনে চিকিৎসা দল প্ৰেৰণ কৰাৰ লগতে অন্যান্য সাহায্যও প্ৰদান কৰে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক বাতৰি অনুসৰি, দমনত এজন শ্ৰমিকৰ মৃত্যু হৈছিল যাৰ মৃতদেহ ফুৰাক নদীত উদ্ধাৰ হয়।