ASSAM TIMES POST
নগাঁও, ২৯ অক্টোবৰঃ নগাঁও আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই এটা দুধৰ্ষ গঁড় চিকাৰীক কৰায়ত্ব কৰে ৷ নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই কালি নিশা ৰূপহীহাটৰ গুণাবাৰীৰ পৰা আবু হাচিম নামৰ এটা চোৰাং গড় চিকাৰীক কৰায়ত্ব কৰে । ধৃত চোৰাং গড় চিকাৰীটোৰ পৰা আৰক্ষীয়ে এটা থ্ৰী নট থ্ৰী ৰাইফলৰ লগতে চাইলেঞ্চাৰ, সাত জাই সজীৱ গুলী উদ্ধাৰ কৰে ৷

অস্ত্রসহ নগাঁও আৰক্ষীৰ জালত পৰা চোৰাং গঁড় চিকাৰীটোৱে দীৰ্ঘদিন ধৰি ঠিকনা সলনি কৰি আত্মগোপন কৰি আছিল ।আনহাতে কুখ্যাত গঁড় চিকাৰী আবু হাচিম পূৰ্বেও দুটাকৈ গঁড় চিকাৰত জড়িত বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। কাজিৰঙাত গঁড় চিকাৰৰ বাবে পৰিকল্পনা কৰা আবুল হাচিম জালত পৰাৰ পিছত আৰক্ষীয়ে চোৰাং চিকাৰী চক্ৰটোৰ সমগ্ৰ তথ্য লাভ কৰে ।ইপিনে নগাঁও আৰক্ষীয়ে চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা বুলি সদৰী কৰে নগাঁও আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ।












