অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত ১৯ জন শ্ৰমিক সন্ধানহীন।
চীনৰ মূল ভূখণ্ডৰ পৰা মাত্ৰ ৮০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কুৰং কুমে জিলাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে উক্ত শ্ৰমিকসকল অসমৰ পৰা অৰুণাচল প্ৰদেশলৈ গৈ সীমান্তৰ নিকটৱৰ্তী ডামিন অঞ্চলত পথ নিৰ্মাণ কৰিছিল।
নিৰুদ্দেশ হোৱা শ্ৰমিককেইজনে ডামিনৰ মুখ্য কাৰ্যালয়ক চীনৰ সীমান্তৰ দুৰ্গম গাঁওসমূহৰ সৈতে সংযোগ কৰা পথ নিৰ্মাণৰ কাম কৰি আছিল। স্থানীয় ৰাইজৰ মতে, আটাইকেইজন শ্ৰমিকৰ মৃত্যু হৈছে। কিন্তু এই সন্দৰ্ভত স্থানীয় প্ৰশাসনে মুখ খোলা নাই।
স্থানীয় আৰক্ষীয়ে শ্ৰমিককেইজনৰ সন্ধান অব্যাহত ৰাখিছে। জানিব পৰা মতে, শ্ৰমিককেইজনে এজন ঠিকাদাৰৰ অধীনত কাম কৰি আছিল। ৫ জুলাইৰ পৰা শ্ৰমিককেইজনক বিচাৰি পোৱা নাই বুলি অভিযোগ কৰে ঠিকাদাৰে।
ঠিকাদাৰে দাবী কৰে যে ঈদ উপলক্ষে শ্ৰমিকসকলক ঘৰলৈ যাবলৈ দিয়া হোৱা নাছিল। ক্ষোভত শ্ৰমিকসকলে কামটো এৰি থৈ যায়। স্থানীয় আৰক্ষীৰ মতে, বনাঞ্চলৰ মাজেৰে শ্ৰমিককেইজনে পলায়নৰ চেষ্টা চলাইছিল। সেই সময়ত শ্ৰমিকসকলে পথ হেৰুৱাই নিৰুদ্দেশ হয়। স্থানীয় ৰাইজৰ মতে, কুমে নৈত উটি যায় ১৯ জন শ্ৰমিক।
সেই দাবীৰ সত্যতা নিৰূপণৰ বাবে পাহাৰ, বনাঞ্চল, নদীত অনুসন্ধান চলি আছে। ইফালে, নিৰুদ্দেশ হোৱা ৭ জন শ্ৰমিকৰ পৰিয়ালৰ হৈ অসম আৰক্ষীত এজাহাৰো দাখিল কৰা হয়। ৰেজাউল কৰিম নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু কোৱা হৈছে যে কাম দিয়াৰ নামত
শ্ৰমিককেইজনক অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ লৈ যোৱা হয়। মে’ মাহৰ শেষৰ ফালে অৰুণাচল পাৰ হয়৷ কিন্তু ৩০ মে’ৰ পৰা পৰিয়ালৰ লোকে শ্ৰমিকসকলৰ সৈতে যোগাযোগ কৰিব পৰা নাই।
ইফালে, অৰুণাচল পূবৰ বিজেপি সাংসদ তাপিৰ গাৱে কয়,‘এতিয়ালৈকে কুমে নৈৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে সেই ব্যক্তিজন নিৰুদ্দেশ হোৱা শ্ৰমিকসকলৰ ভিতৰৰ এজন হয়নে নহয় সেয়া জানিব পৰা হোৱা নাই।