ASSAM TIMES POST
নগাঁও: নগাঁও চহৰৰ ফৌজদাৰীপট্টি অঞ্চলত থকা শিখ সম্প্রদায়ৰ পৱিত্র অনুষ্ঠান গুৰুদ্বাৰৰ এটা গুদামত আজি পুৱা এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ফটকা আৰু আতচবাজীৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে । ইপিনে চাইকেল আৰু চাইকেলৰ সামগ্ৰী মজুত ৰখা গুদামত সংঘটিত অগ্নিকাণ্ডত কেবা লক্ষাধিক টকাৰ সামগ্ৰী জাস যায় । পাচত ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।












