![]()
আজি বান সাহায্যৰ লগতে বৰ্নাত্য শিক্ষাৰ্থীলৈ বিশেষ অনুদান ঘোষণা কৰিবলৈ জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এখনি সংবাদ মেল সম্বোধন কৰে।
এই সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে আলোচনা কৰা গুৰুত্বপূৰ্ণ বিষয় সমূহ হৈছে ক্ৰমেঃ
👉🏻 “মুখ্যমন্ত্ৰীৰ বিশেষ পাঠ্যপুথি অনুদান আঁচনি” ৰ শুভাৰম্ভ
👉🏻 বন্যাৰ্ত শিক্ষাৰ্থী সকলক ১০০০ টকাকৈ অনুদান আগবঢ়োৱাৰ ঘোষণা
👉🏻 ৩০ খন জিলাৰ ১,০১,৫৩৯ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব এই অনুদান।
👉🏻 সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে নগাঁও জিলাৰ ছাত্ৰ ছাত্ৰী।
নগাঁও জিলাত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ৩৫,০৭৯ গৰাকী
👉🏻 আনহাতে, ১৬,০৪৬ গৰাকী শিক্ষাৰ্থী ক্ষতিগ্ৰস্ত হৈছে কাছাৰ জিলাত।
👉🏻 এইবাৰ বানত ১৫২ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯৯১৮ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে।
৯০ লাখ লোক এইবাৰৰ বানত ক্ষতিগ্ৰস্ত হৈছে।
বান-ভূমিস্খলনত ১৯৫ জন লোকৰ মৃত্যু হৈছে। ৩৭ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।
👉🏻 লগতে, ৫৪৮৩৭ টা পশুধনৰ মৃত্যু হৈছে। ২,৪০,০৯৬ হেক্টৰ ভূমি বানত ক্ষতিগ্ৰস্ত হৈছে।
👉🏻 কেম্পত থকা ৰাইজক চাউল, দালি ,নিমখ, বেবি ফুদ, ক্লৰাইন টেবলেট, মিঠাতেল দিয়া হৈছে।
২,১৯,২৯৮ হাজাৰ কুইন্টল চাউল প্ৰদান কৰা হৈছিল ৰিলিফ কেম্পত।
👉🏻 প্ৰায় ১লাখ মানুহক বান সমস্যা সমাধানৰ বাবে নিয়োগ কৰা হৈছিল।
কেম্পৰ পৰা ঘৰলৈ যোৱাৰ সময়ত হাতত কিবা এটা দিয়াৰ চেষ্টা কৰা হৈছিল।৩৮০০ কৰি প্ৰতিটো পৰিয়ালকে প্ৰদান কৰা হৈছে।
👉🏻 ১লাখ, ৫৮ হাজৰ ৭৫২ টা পৰিয়ালক এই টকা দিয়াৰ চেষ্টা কৰিছিলোঁ। লগতে, ১ লাখ এহেজাৰ ছাত্ৰী ছাত্ৰীৰ বেংক একাউণ্টত পঠিয়াই দিয়া হৈছে।
👉🏻 এই সাহাৰ্য ৰাইজে আগবঢ়োৱা মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিৰ পৰা প্ৰদান কৰা হৈছে।
👉🏻 ১৫আগষ্টৰ আগত ক্ষতিগ্ৰস্ত হোৱা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব স্কুলীয়া পাঠ্যপুথি।
ঘৰৰ ক্ষতি হোৱা পৰিয়ালক দিয়া হ’ব ক্ষতিপুৰণ।
👉🏻২৫,৬৭০টা গৃহ সম্পুৰ্ণ কৈ ধ্বংস হৈছে। ২,৭৮,২৬০ পৰিয়ালৰ ঘৰ আংশিক ভাৱে ক্ষতিগ্ৰস্ত হৈছে।
👉🏻 কাছাৰ জিলাত ১২,৪৮৬টা গৃহ সম্পূৰ্ণ ভাৱে ধ্বংস হৈছে।১,৬৩,১৩২টা আংশিক ভাৱে ক্ষতিগ্ৰস্ত হৈছে কাছাৰত।
👉🏻 ৪০০কোটি ঘৰ ক্ষতি হোৱাৰ নামত খৰচ কৰিব ৰাজ্য চৰকাৰে। ৪লাখ কৈ মৃত্যু হোৱা পৰিয়ালক সাহায্য প্ৰদান কৰা হৈছে।
👉🏻 ১হাজাৰ কোটি বানত ধ্বংস হোৱা মঠাউৰি নিৰ্মাণ, স্কুল নিৰ্মাণ, ৰাস্তা নিৰ্মাণৰ নামত খৰচ কৰা হ’ব।
👉🏻 পেকেজ হিচাপে নহয়, যিমান টকা খৰচ হয় কেন্দ্ৰই প্ৰদান কৰিব।













