
গুৱাহাটী মহানগৰীত প্ৰৱঞ্চনা আৰু নাৰী নিৰ্যাতনৰ পুনৰ গুৰুতৰ অভিযোগ।অমন হাজৰিকা নামৰ এজন যুৱকৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আম আদমী দলৰ এগৰাকী নেত্ৰীয়ে।ধৃত অমনৰ ঘৰ সাতগাঁৱত।বিগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আপ’ৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নেত্ৰী অৰ্পিতা চক্ৰৱৰ্তীয়ে ধৃত যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ
যুৱকজনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি আপৰ নেত্ৰী গৰাকীয়ে কয়-নিজকে হিন্দু বুলি চিনাকি দি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল।পৰৱৰ্তী পৰ্যায়ত ধৃত যুৱকজনে ব্যৱসায়ীক কাৰণত ১লাখ ৫০হাজাৰ টকা ধাৰলৈ লয়।
ধাৰলৈ লোৱা পইচা বহুবাৰ বিছৰা পিছত অমনে আদায় দিয়া নাই ধন।ইফালে ধন বিচাৰি যোৱা বাবে অভিযুক্ত অমনে মাৰপিট আৰু হত্যাৰ ভাবুকি দিয়া বুলিও বিস্ফোৰক অভিযোগ দাখিল কৰিছে এজাহাৰত ।
ইফালে মহিলা গৰাকী এজাহাৰ ভিত্তিতে নিশা অভিযুক্ত অমনক আটক কৰিছিল আৰক্ষীয়ে।
কিন্তু আজি পুৱাৰ ভাগতে আৰক্ষীয়ে অমনক মুকলি কৰি দিয়াৰ কথা সদৰী কৰে নেত্ৰী গৰাকীয়ে।গুৰুত্বপূৰ্ণ কথা বিগত পৌৰ নিগমৰ নিৰ্বাচনত ৪৯নং ৱাৰ্ডৰ পৰা আপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল অৰ্পিতাই।













