নগাঁও জিলাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ এক ভিতৰুৱা অঞ্চল বৰলালুং গাঁৱত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা। জানিব পৰা মতে, বিবাহৰ দুমাহৰ পাছত নববিবাহিতা মহিলা সবিতা পাটৰক স্বামী ৰঞ্জিত বৰদলৈয়ে আন ৪ গৰাকী লোকৰ সৈতে মিলি ডিঙি চেপি হত্যা কৰে। তাৰ পিছতে, শনিবাৰে ৰঞ্জিতক জীৱন্তে জ্বলাই পেলালে গাঁওবাসীয়ে আৰু প্ৰমাণ নষ্ট কৰিবলৈ অৱশিষ্ট সমূহো ঘটনাস্থলীৰ পৰা আঁতৰাই পেলায়।
ঘটনাস্থলীত নিশা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰা অভিযানত ৰঞ্জিত বৰদলৈক জ্বলাবলৈ ব্যৱহৃত এটা কাঠৰ টুকুৰা অংশৰ বাহিৰে আন একো তথ্য উদ্ধাৰত সক্ষম হোৱা নাই।
উল্লেখ্য যে, নৱবিবাহিতা মহিলা গৰাকীক হত্যা কৰি পিছত পুখুৰীত পৰি মৰা বুলি প্ৰচাৰ চলোৱা হৈছিল যদিও শুক্ৰবাৰে নববিবাহিতা সবিতাক ডাইনিৰ সন্দেহত কলা যাদু কৰি ডিঙি চেপি হত্যা কৰা বুলি বৰলালুঙ গাঁৱৰ ৰাইজ অৱগত হয় ৷
সেই মৰ্মে শনিবাৰে পুৱাৰে পৰা আৰম্ভ হয় ৰাইজমেল ৷ গাঁৱত বেজালি কৰা বুলি পৰিচিত ভাৰতী বৰদলৈ নামৰ মহিলাগৰাকীক প্ৰথমে ৰাইজ মেলত জবাব দিহি কৰা হয় ৷ পিছত ৰাইজে কাঠগৰাত উঠাই ৰঞ্জিত বৰদলৈ নামৰ লোকজনক ৷
স্থানীয় সূত্ৰ মতে, ৰঞ্জিতে সবিতাক ডিঙি চেপি হত্যা কৰে ৷ পিছত ৰাইজ মেলৰ সিদ্ধান্ত অনুসৰি গঞাঁ জীৱন্তে ৰঞ্জিত বৰদলৈৰ গাঁত অগ্নি সংযোগ কৰে ৷
দুটিকৈ লোমহৰ্ষক ঘটনা বৰলালুঙ গাঁৱত সংঘটিত হোৱাৰ ঘটনা প্ৰচাৰ হোৱাৰ পিছত গাঁওখনৰ লোক গাঁৱৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰে ৷ বৰ্তমান সমগ্ৰ গাঁও খন আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ বৃহৎ দলে ঘেৰি ৰাখিছে।