
অসম চৰকাৰে পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে হিন্দুস্তান পেপাৰ কৰ্প’ৰেচন লিমিটেড (লিকুইডেটেড)ৰ প্ৰাক্তন কৰ্মচাৰী আৰু কৰ্মীসকলৰ বাবে অসম চৰকাৰৰ আৰ্থিক সাহায্য বিতৰণ প্ৰক্ৰিয়া আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
উল্লেখ্য, বিগত বৰ্ষৰ ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত অসম চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ বাবে ৭০০ কোটি টকাৰ এক সাহায্য পেকেজত অনুমোদন জনাইছিল৷ আনহাতে চলিত বৰ্ষৰ ১১ মে’ত এইচ পি চি এলৰ অংশীদাৰসকলৰ সৈতে অনুষ্ঠিত বৈঠকৰ আলোচনা মৰ্মে চৰকাৰে পূৰ্বে ঘোষণা কৰা ৭০০ কোটি টকাৰ সাহায্য পুঁজিৰ উপৰি কৰ্মচাৰী আৰু কৰ্মীসকলৰ গ্ৰেচুইটী পেমেণ্টৰ বাবে অতিৰিক্ত ১১০ কোটি টকা প্ৰদান কৰিবলৈ সিদ্ধান্ত লয়৷
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, “মই আনন্দিত যে আমাৰ এই পদক্ষেপৰ ফলত ৮১০ কোটি টকাৰ এই সাহায্য পুঁজিয়ে কাগজ কল দুটাৰ ২০০৩গৰাকী নিয়মীয়া কৰ্মচাৰী আৰু ৭৪৮গৰাকী ঠিকাভিত্তিক কৰ্মীকে ধৰি সৰ্বমুঠ ২৭৫১গৰাকী কৰ্মচাৰীক উপকৃত কৰিব৷
লগতে মই এই কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে এই সাহায্য পেকেজৰ অধীনত ২৫ কোটি টকাৰ বৰ্ধিত পুঁজিৰে এইচ পি চি এলৰ ‘প্ৰাক্তন কৰ্মচাৰী আৰু ছুপাৰভাইজাৰ ৱেলফেয়াৰ ফাণ্ড’ গঠন কৰা হ’ব৷ এই ন্যাসৰ পুঁজিৰ পৰা বছৰি লাভ কৰা সুতৰ টকা কৰ্মচাৰীসকলৰ চিকিৎসা, শৈক্ষিক আৰু সামাজিক সুৰক্ষাৰ দিশত ব্যয় কৰা হ’ব৷”
আনহাতে, সাহায্য বিতৰণৰ সমান্তৰালভাৱে কাগজ কল দুটাৰ ৮৪গৰাকী নিয়োগযোগ্য কৰ্মচাৰীক যোগ্যতাৰ ভিত্তিত ৰাজ্য চৰকাৰৰ অধীনত পুনৰ সংস্থাপন প্ৰদানৰ ব্যৱস্থা হাতত লোৱা বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷
আজিৰ অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, পৰিমল শুক্লবৈদ্য, অজন্তা নেওগ, যোগেন মহন, ৰণজিৎ কুমাৰ দাস, সঞ্জয় কিষাণ, ইউ জি ব্ৰহ্ম, বিমল বড়া, পীযুষ হাজৰিকা, নন্দিতা গাৰ্লোছা, এ আই ডি চিৰ অধ্যক্ষ তথা বিধায়ক প্ৰশান্ত ফুকনৰ উপৰি শীৰ্ষ বিষয়াসকল, কাগজ কলৰ কৰ্মচাৰীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷













