অসমৰ আগশাৰীৰ বাতৰিকাকত অগ্ৰদূতৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ আজি শুভ উদ্বোধন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ যোগেদি উদ্বোধন কৰে অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচী।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, “সাংবাদিকতাকে জীৱনৰ ব্ৰত হিচাপে লৈ বিগত ৫০ বছৰে কনকসেন ডেকাই আগবঢ়োৱা ঐকান্তিক অৰিহণাৰ বাবে আজি ‘অগ্ৰদূত’ কাকতে অসমৰ জাতীয় জীৱনৰ এক সম্পদ তথা এক জীৱন্ত প্ৰৱাহলৈ ৰূপান্তৰিত হৈছে।
আজিৰ এই শুভ মুহূৰ্তত কাকত গোষ্ঠীটোৰ সৈতে জড়িত সকলোলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।আপোচহীন সাংবাদিকতাৰ ধাৰা অক্ষুন্ন ৰাখি ‘অগ্ৰদূত’ৰ এই জয়যাত্ৰা অব্যাহত থাকিব বুলি মই দৃঢ় বিশ্বাসী৷”
আজিৰ অনুষ্ঠানটোত যশস্বী লেখক, সাংবাদিক তথা অগ্ৰদূতৰ প্ৰতিষ্ঠাপক সম্পাদক কনকসেন ডেকাৰ উপৰি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত, পীযুষ হাজৰিকা, অগ্ৰদূতৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠককে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।