ASSAM TIMES POST
ডিফু: কেবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ বাবে জলমগ্ন হৈ পৰা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ বানাক্ৰান্ত অঞ্চল মঙলবাৰে পৰিদৰ্শন কৰে জিলাখনৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই৷ উপায়ুক্তজনে মহকুমাটোৰ চিলনীজান ৰাজহ চক্ৰত উপস্থিত হৈ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (এছডিআৰএফ)এ অব্যাহত ৰখা উদ্ধাৰ অভিযানৰ বুজ লয়।

উল্লেখ্য যে ৰাজহ চক্ৰটোৰ হল’খোৱা, শ্ৰী লংকা টুপ গাঁও, কেশৰডুবি, নগাখুলি আদি গাঁওকেইখনত বানে বিভীষিকাৰ সৃষ্টি কৰিছে। উপায়ুক্তগৰাকীৰ প্ৰত্যক্ষ তত্বাৱধানত ইয়াত ইতিমধ্যে পাঁচটা অস্থায়ী আশ্ৰয় শিৱিৰ স্থাপন কৰা হৈছে।

ইয়াত যাতে বানাক্ৰান্তই চাউল, দাইল, নিমখ, মিঠাতেল, শিশুৰ খাদ্য, খোৱা পানী, দৰৱ-পাতিৰ সুবিধা লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ বিভাগসমূহক নিৰ্দেশনা প্ৰদান কৰে উপায়ুক্তজনে। উল্লেখযোগ্য যে বোকাজানৰ লগতে জিলাখনৰ সদৰ ডিফুটো বানে বিভীষিকাৰ সৃষ্টি কৰিছে যোৱা তিনিটা দিন ধৰি।

ইয়াৰ পৰিপ্ৰেক্ষিতত, দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানত আক্ৰান্ত জনসাধাৰণক উদ্ধাৰ কৰা আৰু সাহায্য প্ৰদানৰ বাবে তৎকালীন পদক্ষেপ ল’বলৈ পাহাৰীয়া জিলাখনৰ উপায়ুক্তক নিৰ্দেশ দিছিল৷ মন কৰিবলগীয়া যে নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ মাজেদি বৈ যোৱা কপিলী, ধনশিৰি আৰু বৰাপানী নৈৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰিছে।













